ETV Bharat / state

'কা' বাতিলৰ দাবীৰে লখিমপুৰত আছুৰ ক’লা পতাকা উত্তোলন

author img

By

Published : Jan 24, 2021, 6:08 PM IST

লখিমপুৰৰ নাৰায়ণপুৰ আৰু মধুপুৰত আছুৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন আৰু ইআইএ বাতিলৰ দাবীৰে আছুৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইনক জাতিধ্বংসী ক'লা আইন আখ্যা দি আইন বাতিলৰ দাবীৰে ক'লা পতাকা উত্তোলন ৷ 'কা' ৰ প্ৰতিলিপি দাহ ৷

'কা' বাতিলৰ দাবীৰে লখিমপুৰত আছুৰ ক’লা পতাকা উত্তোলন
'কা' বাতিলৰ দাবীৰে লখিমপুৰত আছুৰ ক’লা পতাকা উত্তোলন

লক্ষিমপুৰ, 24 জানুৱাৰী: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থা (আছু) ৰ সদস্য সকলে 'কা' (নাগৰিকত্ব সংশোধনী আইন) বাতিলৰ দাবীৰে ক’লা পতাকা উত্তোলন কৰাৰ লগতে 'কা' ৰ প্ৰতিলিপি দাহ কৰে ৷ নাগৰিকত্ব সংশোধনী আইনখনক এখন জাতিধ্বংসী ক'লা আইন হিচাপে আখ্যা দি প্ৰতিবাদকাৰী সকলে কয় যে এই আইন বাতিল কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব ৷

দেওবাৰে লখিমপুৰৰ নাৰায়ণপুৰ আৰু মধুপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা আৰু ইআইএ বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নাৰায়ণপুৰ নগৰৰ মাজমজীয়াত ক'লা পতাকা উত্তোলন কৰে ৷ ঠিক একেদৰে পিছলা আঞ্চলিক ছাত্র সন্থায়ো মধুপুৰত একেই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

একালত আন্দোলন কৰি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে আন্দোলনকাৰীক আক্ৰমণ কৰাক লৈ তীব্ৰ ভাষাৰে কটাক্ষ কৰি প্ৰতিবাদকাৰী সকলে 'বিজেপি চৰকাৰ গ' বেক', 'কা আমি নামানো' আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ চৰকাৰী বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলাতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰী সকলে সমাগত অসম বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সৰ্বসাধাৰণ ৰাইজক একগোট হোৱাৰো আহ্বান জনায় ৷

লগতে পঢ়ক:সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.