ETV Bharat / state

HSLC question paper leak: ছেবাৰ বিৰুদ্ধে বিহপুৰীয়াত আছুৰ প্ৰতিবাদ - আছুৰ প্ৰতিবাদ

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ বিহপুৰীয়া, হাৰমতী আৰু পথালিপাহাৰত পৃথকে পৃথকে আছুৰ প্ৰতিবাদ ৷ শিক্ষা মন্ত্ৰী, পৰীক্ষা নিয়ন্ত্ৰক আৰু ছেবা (SEBA) অধ্যক্ষৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে (AASU Protest against SEBA)।

AASU Protest
প্ৰশ্নকাকত ফাদিল প্ৰসংগত আছুৰ প্ৰতিবাদ
author img

By

Published : Mar 18, 2023, 1:00 PM IST

ছেবাৰ বিৰুদ্ধে বিহপুৰীয়াত আছুৰ প্ৰতিবাদ

বিহপুৰীয়া, 18 মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ সাধাৰণ বিজ্ঞানৰ পাছতেই প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল হ'ল মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাও (HSLC Assamese exam canceled) ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি আছুৰ বিভিন্ন জিলা আৰু আঞ্চলিক সমিতি সমূহে ছেবাৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ বিহপুৰীয়া, হাৰমতী আৰু পথালি পাহাৰত পৃথকে পৃথকে আছুৰ প্ৰতিবাদ ৷ শিক্ষা মন্ত্ৰী, পৰীক্ষা নিয়ন্ত্ৰক আৰু ছেবাৰ (SEBA) অধ্যক্ষৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে (AASU Protest against SEBA)।

ছেবাৰ অকৰ্মণ্যতা, শিক্ষা মন্ত্ৰীজনৰ দম্ভালি মৰা কথাৰ বিপৰীতে হোৱা উশৃংখলতাৰ অভিযোগ আৰু মেট্ৰিক পৰীক্ষাৰ নিয়ন্ত্ৰকক অব্যাহতি দিয়াৰ দাবীৰে শুকুৰবাৰে লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক ছাত্ৰ সন্থাই ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত বিক্ষোভ প্ৰদৰ্শনেৰে শিক্ষা মন্ত্ৰী, পৰীক্ষা নিয়ন্ত্ৰক আৰু ছেবাৰ (SEBA) অধ্যক্ষৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । মেট্ৰিক পৰীক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক শীঘ্ৰে চি বি আইৰ তদন্তৰ আওঁতালৈ আনি গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে (HSLC question paper leak) |

আনহাতে, বিহপুৰীয়া নগৰত বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (AASU Protest against SEBA in Bihpuria)। লগতে পথালিপাহাৰত খেৰাজখাত সীমান্ত আঞ্চলিক ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ পথালিপাহাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু হাৰমতীৰ আছুৰ কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শিক্ষা মন্ত্ৰী, পৰীক্ষা নিয়ন্ত্ৰক আৰু ছেবা (SEBA) অধ্যক্ষৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে।

উল্লেখযোগ্য যে লখিমপুৰৰ লুইত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক, প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড, পথালিপাহাৰ নিবাসী প্ৰণৱ দত্তক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক:60 year old woman protest : মেট্ৰিকৰ দুটাকৈ পৰীক্ষা বাতিলত অতিষ্ঠ আইতা ওলাই আহিল ৰাজপথলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.