লখিমপুৰ, 4 জানুৱাৰীঃ শনিবাৰে লখিমপুৰ জিলাৰ ৰঙাজানত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে একত্ৰিত হ'ল দল সংগঠনৰ লগতে সাধাৰণ জনতা ৷ প্ৰতিকূল বতৰৰ মাজতো সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ওলাই আহিল পুৰুষ মহিলা বৃদ্ধ সকলো ৷
আছুৰ নেতৃত্বত আৰু 30 টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে শনিবাৰে এই ৰণশিঙা বাজে ৷ লখিমপুৰ জিলা আছুৰ লগতে 30জনগোষ্ঠীৰ নেতৃত্বই সকলো ৰাইজক এই আইনখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷ ইপিনে লখিমপুৰ জিলা সাহিত্য সভা আৰু বিহু সুৰক্ষা সমিতিৰ মহিলা সকলে বাটৰ নাটৰ জড়িয়তে এই বিতৰ্কিত আইনখনৰ বিৰোধিতা কৰে ৷
লগতে পঢ়ক - "চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে"-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য