ETV Bharat / state

AASU Protest in Lakhimpur: মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত আছুৰ অনশন কাৰ্যসূচী - মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত আছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদ লখিমপুৰ জিলা ছাত্রৰ ৷ জিলা ছাত্র সন্থাই ৰূপায়ণ কৰিছে দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৷ সময়ত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়ানী প্ৰতিবাদকাৰী আছু কৰ্মীৰ ৷

AASU Protest in Lakhimpur
মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত আছুৰ অনশন কাৰ্যসূচী
author img

By

Published : Aug 8, 2023, 11:14 AM IST

মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত আছুৰ অনশন কাৰ্যসূচী

লখিমপুৰ, 8 আগষ্ট: মূল্যবৃদ্ধিৰ জুইয়ে দহিছে সমগ্র ৰাজ্য । অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জীয়াতুৰ ভোগাইছে । মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নিতৌ বিভিন্ন সংগঠন তথা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । তথাপিও গা-লৰা নাই চৰকাৰ অথবা যোগান বিভাগৰ । যাৰ বাবে মঙলবাৰে সদৌ অসম ছাত্র সন্থাৰ আহ্বান ক্ৰমে ৰাজ্যজুৰি 10 ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

লখিমপুৰতো জিলা ছাত্র সন্থাই ৰূপায়ণ কৰিছে দহ ঘন্টীয়া অনশন কাৰ্যসূচী । মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ লখিমপুৰ নগৰৰ খেলমাটিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পুৱা ছয় বজাৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰে জিলা ছাত্র সন্থাৰ সভাপতি সীমান্ত নেওগে ৷

মূল্যবৃদ্ধিৰ সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি নেওগে কয়, সকলো সামগ্রীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক টেঁটু চেপা দি জীয়াতু ভোগাইছে ৷ যদি মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ খনে কোনো গুৰুত দিয়া নাই । মূল্যবৃদ্ধি ৰোধত চৰকাৰখন চৰম ব্যৰ্থ হৈছে ।

তেওঁ আৰু কয় যে, কেইবছৰ মানৰ পূৰ্বে পে‘ট্ৰলৰ দাম প্ৰতি লিটাৰত 70 টকা হওঁতেই ৰাজপথলৈ ওলাই আহিছিল একাংশ বিজেপি নেতা । তেওঁলোকে সেই সময়ত ডিঙিত আলু, পিয়াজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰিছিল । কিন্তু এতিয়া পে’ট্ৰলৰ দাম এশ টকা হোৱাৰ পাচতো সেই সকল বিজিপি নেতাৰ চকু মেল খোৱা নাই । সকলো সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধি হোৱাৰ পাচতো তেওঁলোকে নিশ্চুপ হৈ আছে । এই সকল জন প্ৰতিনিধি ধিক্কাৰ যোগ্য ।

মূল্যবৃদ্ধিয়ে ৰাইজক সংকটত পেলোৱাৰ সময়ত বিভিন্ন সংগঠন তথা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নিতৌ চৰকাৰক আহ্বান জনাই আহিছে ৷ তথাপিও চৰকাৰে এক প্ৰকাৰ ৰাইজৰ ৰং হে চাইছে । চৰকাৰৰ এনে ভূমিকাৰ বাবে ছাত্র সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি যাব আৰু সময়ত প্ৰত্যুত্তৰত দিয়া হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক: Story of Blind businessman: দৃষ্টিহীন ব্যৱসায়ী মানিক দেৱনাথৰ জীৱন কাহিনীৰে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.