ETV Bharat / state

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গোপনে সৰবৰাহ নিৰ্মান সামগ্ৰীঃ নাওবৈচাত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 17, 2020, 10:53 PM IST

উত্তৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণক মৃত্যুৰ অটল গহ্বৰলৈ ঠেলি দি চৰকাৰ তথা নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে গোপনে অব্যাহত ৰাখিছে নদীবান্ধ নিৰ্মাণৰ কাম ৷ ইয়াৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে সামগ্ৰী কঢ়িয়াই অনাক লৈ কাতি বিহুৰ দিনটোতে পুনৰ উত্তপ্ত হৈ পৰিছে লখিমপুৰ জিলা ৷

AASU, AJYCP protest at Nowboicha blocking NHPC machine parts
লখিমপুৰৰ নাওবৈচাত উত্তপ্ত পৰিস্থিতি

নাওবৈচা, 17 অক্টোবৰঃ অসমৰ সকলো দল সংগঠন লগতে ৰাইজৰ তীব্ৰ প্ৰতিবাদ আৰু বিৰোধিতা পিছতো নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গোপনে সৰবৰাহ হৈ আছে এন.এইছ.পি.চিৰ নিৰ্মান সামগ্ৰী ৷ উত্তৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণক মৃত্যুৰ অটল গহ্বৰলৈ ঠেলি দি চৰকাৰ তথা নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে গোপনে অব্যাহত ৰাখিছে নদীবান্ধ নিৰ্মাণৰ কাম ৷ ইয়াৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্মানকাৰী সংস্থা এন.এইছ.পি.চিয়ে সামগ্ৰী কঢ়িয়াই অনাক লৈ কাতি বিহুৰ দিনটোতে পুনৰ উত্তপ্ত হৈ পৰিছে লখিমপুৰ জিলা ৷ শনিবাৰে লখিমপুৰৰ নাওবৈচাৰ ৰাজআলিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জিলা প্ৰশাসনৰ সেউজ সংকেতলৈ অপেক্ষা কৰি থকা নামনি বৃহৎ নদীবান্ধ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িয়াই অনা ন-খন বৃহৎ ট্ৰেলাৰ আবদ্ধ কৰি নাওবৈচাৰ পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ শতাধিক ছাত্ৰ কৰ্মীয়ে ৷

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গোপনে সৰবৰাহ নিৰ্মান সামগ্ৰী

সংগঠন দুটাই বিয়লি তিনি বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথৰ ৰাজআলিৰ সমীপত প্ৰকল্পলৈ কঢ়িয়াই অনা ন-খন বৃহৎ ট্ৰেলাৰ আবদ্ধ কৰি এন.এইছ.পি.চি গ' বেগ, বৃহৎ নদীবান্ধ বন্ধ কৰিবই লাগিব, সোণোৱাল চৰকাৰ মূর্দাবাদ, আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ আবদ্ধস্থলীত উপস্থিত থাকি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি পুলক বৰাই কয় "চৰকাৰ তথা এন এইছ পি চিয়ে উত্তৰ অসম বাসীৰ বাবে জলবোমা সদৃশ গেৰুকামুখৰ বৃহৎ নদীবান্ধ নিৰ্মান কৰি খিলঞ্জীয়া লোকক মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে ৷ যিখন চৰকাৰে খিলঞ্জীয়াৰ মাটি ভেটি ৰক্ষাৰ শ্লোগান দি শাসনৰ বাঘজৰী হাতত লৈছিল সেইখন চৰকাৰেই আকৌ বৃহৎ নদীবান্ধ নিৰ্মান কৰি খিলঞ্জীয়াক হত্যা কৰা চক্ৰান্ত ৰচিছে ৷ এই কথা ছাত্ৰ সন্থাই কোনো দিনেই সহ্য নকৰে আৰু তেজ দি হলেও বৃহৎ নদীবান্ধ বন্ধ কৰিব বুলি হুংকাৰ দিয়ে ৷

প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰ, লালুক আৰু দলহাটৰ বৃহৎ আৰক্ষীৰ দলে বৰ্তমান সময়ত সামগ্ৰী কঢ়িয়াই অনা ট্ৰেলাৰ সমূহ পহৰা দি ৰাখিছে ৷ আবদ্ধস্থলীত উপস্থিত হৈ নাওবৈচা ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) চন্দ্ৰ কমল বৰাই সংগঠন দুটাক ট্ৰেলাৰসমূহ এৰি দিবলৈ আহ্বান জনাই যদিও সংগঠন কেইটাই এই আহ্বান প্ৰত্যাখান কৰে ৷ ইপিনে আন্ধাৰ হলেই ট্ৰেলাৰ সমূহ গেৰুকামুখৰ প্ৰকল্পলৈ যোৱাৰ কথা আছিল যদিও সংগঠন দুটাই বাধা আৰোপ কৰাত বৰ্তমান ৰাজ আলিতেই থকা ট্ৰেলাৰসমূহ যদিহে জিলা প্ৰশাসনে আৰক্ষীৰ সহায়ত নিয়াৰ চেষ্টা কৰে তেনেহলে পৰিস্থিতি বেয়ালৈ গতি কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে জিলা প্ৰশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে চি.আৰ.পি.এফৰ এক বিশাল বাহিনী আবদ্ধস্থলীত মোটায়ন কৰিছে ৷ ইফালে ছাত্ৰ সংগঠন দুটাই সন্ধিয়া ৰাজপথতে তুলসী ৰোপণ কৰি চাকি বন্তি প্ৰজ্বলন কৰি কাতি বিহুও উদযাপন কৰে ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি পালন হেপাহৰ কাতি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.