ETV Bharat / state

আছাৰ উদ্যোগত অৰুণাচলৰ পৰা উদ্ধাৰ বনকৰা কিশোৰী

Child labour rescued: অৰুণাচলৰ পৰা পলায়ন কৰা এগৰাকী বনকৰা কিশোৰীক উদ্ধাৰ কৰিছে লখিমপুৰ জিলা আছাই ৷ কিশোৰীগৰাকীক অভিভাৱকৰ হাতত গতাই দিবলৈ সহায় বিচাৰিছে আছাৰ সদস্যকেইজনে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 5:15 PM IST

child labour in Lakhimpur
AASA leaders rescue a child labour
অৰুণাচল পৰা উদ্ধাৰ বনকৰা কিশোৰী

লখিমপুৰ, 21 ডিচেম্বৰ: গৰাকীৰ অত্যাচাৰ সহিব নোৱাৰি ইটানগৰৰ পৰা পলায়ন কৰা এগৰাকী বনকৰা কিশোৰীক উদ্ধাৰ কৰিলে এজন গাড়ী চালকে ৷ মানুহে মানুহক তিলমানো বিশ্বাসত ল’ব নোৱৰা পৰিবেশৰ মাজতে এইগৰাকী চালকে পৰিচয় দিলে সঁচা মানৱতাৰ ৷ ইটানগৰত এজন লোকৰ ঘৰত বনকৰা হিচাপে থকা কিশোৰী গৰাকীয়ে কেইদিনমান পূৰ্বে গৰাকীৰ অত্যাচাৰ সহিব নোৱাৰি পলায়ন কৰিছিল ৷

কিন্তু তেওঁ কোনো ঠাই ভালদৰে চিনি নোপোৱাত বিপাঙত পৰে ৷ তেনেতে কিশোৰীগৰাকীয়ে লগ পায় এজন গাড়ীচালকক ৷ তেওঁক নিজৰ আদ্যোপান্ত বিৱৰি কোৱাত চালকজনে যোগাযোগ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াৰ সৈতে ৷

আছাৰ সদস্যকেইজনে চালকজনক অনুৰোধ জনায়, যিকোনো প্ৰকাৰে কিশোৰীগৰাকীক অৰুণাচল সীমান্ত পাৰ কৰি দিবলৈ ৷ সেই মৰ্মে চালকজনে যোৱা 18 ডিচেম্বৰত কিশোৰীগৰাকীক বান্দৰদোৱালৈ আনি আছাৰ সদস্যকেইজনৰ লগলগাই দিয়ে ৷ তাৰ পিচতে আছাৰ সদস্যই কিশোৰীগৰাকীক তেওঁলোকৰ গৃহতে বৰ্তমান আশ্ৰয় প্ৰদান কৰিছে ৷

জানিব পৰা মতে কিশোৰীগৰাকী হৈছে এগৰাকী আদিবাসীমূলৰ ছোৱালী ৷ কিন্তু তেওঁ নাজানে নিজৰ সঠিক ঠিকনা ৷ মাত্ৰ নিজৰ পিতৃ-মাতৃৰ নামহে মনত আছে তেওঁৰ ৷ নিজৰ গাঁও কমলপুৰ ৰংচালী বাগান বুলি ক’লেও কোন জিলা আৰু কোন থানাৰ অধীনত পৰে সেয়া একোৱেই নাজানে তেওঁ ৷ যাৰ বাবে এতিয়া বিপাঙত পৰিছে তেওঁক আশ্ৰয় প্ৰদান কৰা আছাৰ সদস্য কেইজন ৷

কিশোৰীগৰাকীৰ বয়স আনুমানিক 13 বছৰ ৷ প্ৰায় 7 বছৰ পূৰ্বে পিতৃ-মাতৃয়ে তেওঁক ৰাখিছিল অৰুণাচলৰ এটা পৰিয়ালৰ ঘৰত ৷ কিন্তু দিন বাগৰি যোৱাৰ লগে লগে গৰাকীয়ে কিশোৰীগৰাকীক অত্যাচাৰ কৰিবলৈ ধৰে আৰু অৱশেষত উপায়হীন হৈ কিশোৰীগৰাকীয়ে পলায়ন কৰে গৰাকীৰ ঘৰৰ পৰা ৷

এতিয়া আছাৰ সদস্য কেইজনে জিলাই জিলাই বাৰ্তা পঠিয়াই কিশোৰীগৰাকীক মাতৃৰ হাতত গতাই দিয়াৰ বাবে চেষ্টা চলাইছে ৷ তেওঁৰ পিতৃৰ ইতিমধ্যে মৃত্যু হোৱা বুলি কিশোৰীগৰাকীয়ে জনাইছে ৷ এতিয়াও কিন্তু কিশোৰীগৰাকীৰ ঘৰ-ঠিকনা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ আছাৰ সদস্যকেইজনে কিশোৰীগৰাকীৰ পৰিয়ালৰ সম্ভেদ পালে 6901400491 অথবা 6003458824 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: শিৱসাগৰত আইন-শৃংখলা ভংগৰ শংকা; বহু সংগঠনৰ নেতাক বণ্ড চাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.