ETV Bharat / state

Murder in Lakhimpur : লখিমপুৰত ভয়ংকৰ ঘটনা; ছাগলী চোৰে হত্যা কৰিলে যুৱকক

author img

By

Published : Jul 29, 2023, 1:20 PM IST

ছাগলী চোৰৰ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ ৷ চোৰক ধৰিবলৈ যাওঁতেই এজন যুৱকক নৃসংশ ভাৱে হত্যা কৰি থৈ যায় ৷ লখিমপুৰ নগৰৰ দাঁতিতে শুকুৰবাৰে নিশা সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা ৷

A Youth killed by thieves in Lakhimpur
ভয়ংকৰ ঘটনা
চোৰৰ আক্ৰমণত প্ৰাণ গ’ল যুৱকৰ

লখিমপুৰ, ২৯ জুলাই : লখিমপুৰ নগৰৰ দাঁতিতে শুকুৰবাৰে নিশা সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা ৷ ছাগলী চোৰৰ আক্ৰমণত প্ৰাণ গ’ল এজন যুৱকৰ ৷ চোৰক ধৰিবলৈ যাওঁতেই চোৰে প্ৰত্যাক্ৰমণ কৰি এজন যুৱকক নৃশংসভাৱে হত্যা কৰি থৈ যায় ৷

শুকুৰবাৰে নিশাৰ ভাগত লখিমপুৰ নগৰৰ উপকন্ঠ চাংমাই গাঁও গোৱৰীশালিত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ চুৰ কৰিবলৈ আহি চোৰে এজন যুৱকক নৃশংসভাৱে হত্যা কৰি থৈ যায় ৷ চোৰৰ আক্রমণত প্ৰাণ হেৰুওৱা যুৱকজনৰ নাম এই গাঁৱৰে বকুল শইকীয়াৰ পুত্র প্ৰণৱ শইকীয়া (২২) বুলি জানিব পৰা গৈছে ৷

স্থানীয় ৰাইজে জনোৱা মতে যোৱা কেইদিনমানৰ পৰা এই গাঁৱত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ চলি আছিল ৷ গাঁওখনৰ প্ৰায়খিনি লোক ভাওনা সমাৰোহ উপভোগত ব্যস্ত আছিল ৷ তেনে পৰিৱেশত নিশা প্ৰায় এক মান বজাত প্ৰণৱ শইকীয়াৰ ঘৰৰ কাষতে তেওঁলোকৰ এটা পৰিয়ালত চোৰ সোমায় ৷ চোৰে ছাগলী এটা চুৰ কৰি নিবলৈ উদ্যত হওতেই গৃহস্থই উমান পাই চিঞৰ-বাখৰ লগায় ৷ চিঞৰ শুনি প্ৰণৱ শইকীয়া উঠি আহি চোৰৰ পিছে পিছে খেদি যায় ৷ চোৰে বাইক লৈ পলাই যায় যদিও প্ৰণবে খেদি যায় ৷

ইয়াৰ পিছত কিছু সময়লৈকে প্ৰণৱ ঘূৰি নহাত পৰিয়ালৰ লোকে প্ৰণৱক বিচাৰি যায় যদিও গাঁওখনৰ মূৰত পথৰ ওপৰতে প্ৰণৱক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ এই স্থানত প্ৰণৱক চোৰে হত্যা কৰি পলাই যাবলৈ সক্ষম হয় ৷ লক্ষ্যনীয়ভাৱে প্ৰণৱক হত্যা কৰা স্থানতে এখন বাইক উদ্ধাৰ হয় ৷ এ এছ ০৭ এছ ৭২৯৩ নম্বৰৰ গ্লেমাৰ বাইকখন ঘটনাস্থলীতে এৰি চোৰে পলায়ন কৰে ৷ স্থানীয় লোকে জনোৱা মতে বাইক খনৰ গৰাকী লখিমপুৰ নগৰ এলেকাৰ চাপৰি গাঁৱৰ এগৰাকী মহিলাৰ ৷

ইতিমধ্যে আৰক্ষীয়ে প্ৰণৱৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷ স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ নেতৃত্বই এই ভয়ংকৰ হত্যা কাণ্ডত জৰিতক বিচাৰি উলিয়াই ফাঁচি দিয়াৰ দাবী তুলিছে ৷

লগতে পঢ়ক : Cattle smuggling in Assam : 51 টা পশুধনসহ 24 পশুধন সৰবৰাহকাৰী আৰক্ষীৰ জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.