ETV Bharat / state

জীৱন সংগ্ৰামৰ মাজতেই এগৰাকী মহিলাই গাইছে চিৰসেউজ গীত

author img

By

Published : Sep 13, 2020, 10:30 PM IST

বৰগীতৰ পৰা লোকগীতলৈ, দিহা নামৰ পৰা আধুনিক গীতলৈ সপ্তস্বৰৰ বৰ্ণাঢ্য মালিতাৰ মায়াময় পৰিৱেশে জীপাল কৰিছে এগৰাকী মহিলাৰ গীতে ৷

জীৱন সংগ্ৰামৰ মাজতেই এগৰাকী মহিলাই গাইছে চিৰসেউজ গীত
জীৱন সংগ্ৰামৰ মাজতেই এগৰাকী মহিলাই গাইছে চিৰসেউজ গীত

লখিমপুৰ,12 ছেপ্টেম্বৰ: দৈনন্দিন জীৱনৰ সৰু-সুৰা কাম-কাজৰ মাজে মাজে আমি সকলোৱে গুণগুণাও, কিন্তু এওঁ যেন ব্যতিক্ৰমী অলপ আনতকৈ ৷ তেওঁৰ সুৰত আছে সাতো স্বৰৰ বৰ্ণাধ্য মিত্ৰতা ৷ তেওঁৰ লোকগীত বৰগীতত প্ৰাণ পাই উঠিছে ভক্তিৰসৰ অনন্য বন্যা ৷ লখিমপুৰ জিলাৰ এইগৰাকী মহিলাৰ ঘৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ দ্ৰোপাং ভৰলাপাৰ গাঁৱত৷ চাৰি বছৰ পূৰ্বেই স্বামীহাৰা হোৱা এই মহিলাগৰাকীয়ে দুটি কণমানি সন্তানক বুকুত সাৱটি যুঁজ দি গৈছে জীৱন সংগ্ৰামত ৷

স্বামীৰ চিকিৎসাৰ নামত ঘৰৰ মাটি বাৰীৰ লগতে বিভিন্ন সা-সামগ্ৰী বিক্ৰী কৰাৰ পাছত বৰ্তমান সামান্য মাটি এডৰাতে দুলুমণিয়ে কাজি নেমু,গোল নেমু,কমলা, আদা,জিকা আদিৰ খেতি কৰি বিক্ৰী কৰে ৷ ইয়াৰ উপৰি দুলুমণিয়ে সময় উলিয়াই মানুহৰ ঘৰে ঘৰে হাজিৰা কৰিও দুই এটকা উপাৰ্জন কৰে ৷ ৰন্ধা বঢ়া তথা অন্যান্য ঘৰুৱা কাম কৰাৰ সমান্তৰালকৈ বিভিন্ন গীত আওৰাই থাকে মহিলা গৰাকীয়ে ৷ তদুপৰি মহিলা গৰাকীয়ে অঞ্চলটোত অনুষ্ঠিত হোৱা ৰাস,থিয়েটাৰ আদিত সংগীত পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । দৰদী কণ্ঠৰ মহিলাগৰাকীৰ এই সুৱদী কণ্ঠেৰে তেওঁ আগুৱাই যাওঁক বহুদূৰ ৷

ইটিভি ভাৰত অসমৰ তৰফৰ পৰা দুলুমনি হাজৰিকালৈ থাকিল আন্তৰিক শুভকামনা ৷

লগতে পঢ়ক : সুধাকণ্ঠৰ বিশাল ছবি অংকনেৰে বিহপুৰীয়াৰ মিঠুৰাজৰ চমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.