বিহপুৰীয়া,10 ছেপ্তেম্বৰ: এগৰাকী বিশেষভাৱে সক্ষম মহিলা ৷ নাম স্বৰ্ণলতা শইকীয়া ৷ লখিমপুৰৰ নাৰায়ণপুৰৰ ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ অধীনৰ ঠাকুৰদলনী গাঁৱৰ প্ৰয়াত ৰিষেশ্বৰ শইকীয়া আৰু কণমাই শইকীয়াৰ এইগৰাকী বিশেষভাৱে সক্ষম কন্যাই জীৱনৰ অধিকাংশ সময় পাৰ কৰিছে ভগা জুপুৰীত ৷ ককাক-নবৌৱেকৰ হাতত লাঞ্চিত-অৱহেলিত হৈ এনেদৰে ভগা জুপুৰিত চকুলো টুকি জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে মহিলাগৰাকীয়ে । জীৱনৰ তাগিদাত লোকৰ ঘৰত কাম কৰিয়েই দুবেলা-দুমুঠি মোকোলাইছে মহিলাগৰাকীয়ে ৷
কিন্তু মহিলাগৰাকীৰ এই দুৰ্দশাৰ প্ৰতি সঁহাৰি জনাবলৈ এইপৰ্যন্ত কোনো লোক আগবাঢ়ি অহা নাই ৷ আহৰি নাই জন প্ৰতিনিধিৰো ৷ ৰাজ্য চৰকাৰে বিশেষভাৱে সক্ষম লোকৰ বাবে সময়ে সময়ে বহু আঁচনি মুকলি কৰে যদিও মহিলাগৰাকীয়ে আজিলৈকে কোনো সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে চাওকঃ শোণিতপুৰৰ বৰছলা বিলত 3 গৰাকী লোকৰ সলিল সমাধি