ETV Bharat / state

লখিমপুৰত চোৰৰ চাফাই অভিযান

লখিমপুৰৰ বৰমূৰীয়াৰ গুণজিৎ বৰুৱাৰ বাসগৃহত সংঘটিত চুৰিকাণ্ড (Burglary in Lakhimpur) ৷ গৃহস্থ শুই থকা অৱস্থাতে মূল্যবান সামগ্ৰী লুটি নিয়ে চোৰে ৷

A burglary took place in Lakhimpur
লখিমপুৰত চোৰৰ চাফাই অভিযান
author img

By

Published : Mar 21, 2022, 12:42 PM IST

লখিমপুৰ, 21 মাৰ্চ : আৰক্ষী যদি ডালে ডালে, চোৰ পাতে পাতে ৷ এই কথা আমি কোৱা নাই ৷ স্বয়ং চোৰে প্ৰমাণ কৰি দেখুৱাইছে ৷ আৰক্ষীয়ে যিমানে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰক কিয়, চোৰে তাক প্ৰত্যাহ্বান জনাই সংঘটিত কৰি আহিছে চুৰি কাৰ্য ৷ আৰক্ষীৰ সৰ্তকমূলক অভিযানৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এক চুৰিকাণ্ড (Burglary in Lakhimpur) ৷ শনিবাৰে নিশা চলিল চোৰৰ চাফাই অভিযান ৷ চাফা মানে কৈছো নহয়, একেবাৰে চাফা ৷ মূল্যবান সামগ্ৰী একো বাকী নৰ’ল ৷ দিনক দিনে সোণৰ দাম বঢ়াৰ বাবেই নেকি চাগৈ, চোৰে নিলে প্ৰায় 3 লক্ষাধিক মূল্যৰ সোণৰ গহণা ৷

লখিমপুৰত চোৰৰ চাফাই অভিযান

এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ বৰমূৰীয়াৰ গুণজিৎ বৰুৱাৰ বাসগৃহত ৷ শনিবাৰে নিশা বৰুৱাৰ পৰিয়ালটোৱে সুখনিদ্ৰাত থকা অৱস্থাতে ঘৰত প্ৰৱেশ কৰিলে চোৰে ৷ গৃহস্থৰ অকণো অসুবিধা নোহোৱাকৈ সংগোপনে চলাই গ’ল চাফাই অভিযান ৷ সোণৰ গহণাৰ লগতে চোৰে নিলে নগদ 4000 হাজাৰ টকা ৷ উল্লেখ্য যে, এই গাঁৱখনত দীৰ্ঘদিনৰ পৰাই চুৰিকাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ঘটনা সন্দৰ্ভত ঘৰৰ স্বত্বাধিকাৰীয়ে স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি চোৰৰ সন্ধানত নামি পৰিছে লখিমপুৰ আৰক্ষী ৷ পিছে চোৰ ধৰিবলৈ আৰক্ষী সফল হয় নে নহয়, সেয়া সময়েহে ক’ব ৷

লগতে চাওক: Rajya Sabha Election 2022 : মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.