ধুবুৰী: এটা আশ্চৰ্যকৰ ঘটনা ৷ হঠাৎ খা-খবৰ নোহোৱা হৈ পৰা এগৰাকী মহিলাৰ খণ্ড-বিখণ্ড মৃতদেহ উদ্ধাৰ কৰা হ’ল গাঁত খান্দি ৷ কেনেকৈ সংঘটিত হ’ল এয়া ? সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে ৷ আচৰিত হৈছে সকলো...কোনে কৰিলে ? কিয় কৰিলে এই কাণ্ড ? সবিশেষ জানিবলৈ কিছু অতীতলৈ যাব লাগিব ৷
টোকৰাবান্ধাৰ নটেয়া গাঁৱৰ ৰফিকুল ইছলামৰ সৈতে বিয়াত বহিছিল দক্ষিণ শালমাৰাৰ পাটাকাটা গাঁৱৰ ৰমেনা খাতুন । এবুকু আশা, ন-ভৱিষ্যতৰ বহু সপোন বুকুত বান্ধি দুয়ো আৰম্ভ কৰিছিল সংসাৰ ৷ এয়া চাৰি বছৰৰ আগৰ কথা ৷ বিয়াৰ পাচৰে পৰা দম্পতীটোৱে গুৱাহাটীত থাকিবলৈ লয় ৷ গুৱাহাটী মহানগৰীৰ শান্তিপুৰতে থাকি ৰফিকুলে ই-ৰিক্সা চলাই সুখৰ সংসাৰখন আগবঢ়াই নি আছিল ৷ আনৰ দৃষ্টি পৰাকৈ দুয়োৰে মাজত নাছিল কোনো সংঘাত ৷
ই-ৰিক্সা চলোৱাৰ বাদে ৰফিকুলে কিছুদিনৰ পৰা মাহেকীয়া লটাৰী খেলৰ লগত জড়িত হৈ পৰে । বহুতৰ ওচৰত লটাৰী খেলৰ টিকটো বিক্ৰী কৰিছিল ৰফিকুলে । ইমানলৈ সকলো ঠিকেই আছিল ৷ কিন্তু...
ৰমেনা খাতুন নাই... বিগত কিছু দিনৰ পৰা ৰমেনাৰ কোনো খা-খবৰ পোৱা নাই ৷ ক’ত গ’ল ৰমেনা ? এদিন বা দুদিন নহয়, প্ৰায় এমাহ ধৰি ৰমেনাৰ পিতৃগৃহৰ লোকে তেওঁৰ খবৰ পোৱা নাই ৷
লগতে পঢ়ক : নগাঁৱৰ ডাবল মাৰ্ডাৰৰ আঁৰত কোন ? |
চাৰিওফালে বিচাৰ-খোচাৰ কৰাৰ অন্তত ৰমেলাৰ কোনো সন্ধান উলিয়াব নোৱাৰি ৰমেনাৰ পিতৃগৃহৰ লোকে আশ্ৰয় ল’লে আৰক্ষীৰ ৷ ৰমেনাৰ মাতৃয়ে গুৱাহাটীৰ ভৰলুমুখ থানাত ঘটনা সন্দৰ্ভত দাখিল কৰে এক এজাহাৰ । এই এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ১৮৮/২০২৪ নম্বৰত ৬১(২) /১৪০(৩) নং আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১৪০(৪) /১৪২/২৪৯(চি) ধাৰাত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে ।
তদন্তৰ ভিত্তিত আৰক্ষীয়ে ৰফিকুলৰ ভাতৃ হাবিজুল ইছলামৰ লগতে কেইবাজনকো আটক কৰি সোধ-পোছ কৰে ৷ আটকাধীন কেইজনে উল্লেখ কৰা অনুসৰি, ৰমেনাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ৷ এই ঘটনাৰ লগত ৰমেনাৰ স্বামী ৰফিকুল ইছলাম জড়িত হৈ আছে ৷ এই ঘটনা সংঘটিত কৰাৰ পাচৰে পৰা পলাতক হৈ আছে অভিযুক্ত ৰফিকুল ইছলাম ৷
ইফালে ধৃত অভিযুক্ত হাবিজুল ইছলামে দিয়া তথ্যৰ ভিত্তিত সোমবাৰে ভৰলুমুখ থানাৰ আৰক্ষীয়ে বিলাসীপাৰা আৰু চাপৰ থানাৰ আৰক্ষীৰ সহযোগত এস্কেভেটৰেৰে টোকৰাবান্ধাৰ নটেয়া গাঁৱৰ এডোখৰ স্থানৰ এটা গাঁতৰ পৰা ৰমেনাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে ৷ তাৰ পাচতে এই মৃতদেহটো গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । প্ৰশাসনে গাঁত খান্দি মৃতদেহ উলিওৱাৰ সময়ত কামৰূপ মেট্ৰ'ৰ দণ্ডাধীশগৰাকী উপস্থিত থাকে ৷
ধুবুৰী জিলাৰ বিলাসীপাৰাৰ টোকৰাবান্ধা নটেয়া গাঁৱত সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডটো কি কাৰণত সংঘটিত হ’ল সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত । ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি জানিব পৰা গৈছে ।