ETV Bharat / state

স্বামীৰ শাৰীৰিক মানসিক নিৰ্যাতনক নেওচি প্ৰকাশ কৰিলে চাৰিখনকৈ গ্ৰন্থ - গ্ৰন্থ

বৈবাহিক জীৱনৰ পৰা বিচ্ছেদ হৈয়ো সাহিত্য চৰ্চা , আৰু সামাজিক দায়িত্ব সকলো পালন কৰি ইতিমধ্যে চৰ্চা লৈ আহিছে এগৰাকী মহিলা ৷ ইতিমধ্যে মহিলাজনীৰ প্ৰকাশ হৈছে চাৰিখনকৈ গ্ৰন্থ ৷

4 Books Published By One Old Lady in Bihpuria
স্বামীৰ শাৰীৰিক মানসিক নিৰ্যাতনক নেওচি প্ৰকাশ কৰিলে চাৰিখনকৈ গ্ৰন্থ
author img

By

Published : Jul 14, 2020, 11:56 AM IST

বিহপুৰীয়া, 13 জুলাইঃ স্বামীৰ শাৰীৰিক,মানসিক নিৰ্যাতনক নেওচি তিনি কন্যা সন্তানৰ মাতৃ এগৰাকীয়ে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম ৷ ইতিমধ্যে মহিলা গৰাকীৰ প্ৰকাশ পাইছে চাৰিখনকৈ গ্ৰন্থ ৷

উল্লেখ্য যে, পুত্ৰ সন্তান প্ৰসৱ কৰিব নোৱাৰাৰ বাবে স্বামীৰ চুড়ান্ত প্ৰতাৰণাৰ বলি হৈছিল লখিমপুৰ জিলাৰ ভোগপুৰৰ কাঞ্চন হাজৰিকা নামৰ মহিলা জনী ৷ কিন্তু তিনি কন্যা সন্তানৰ মাতৃ কাঞ্চন হাজৰিকাক বৈবাহিক জীৱনৰ পৰা বিচ্ছেদ কৰিছিল স্বামীয়ে ৷ উল্লখ্য যে ঘৰত বন কৰিবলৈ অনা যুৱতীক পত্নীৰ মৰ্যদা প্ৰদান কৰি স্বামীয়ে চৰম মানসিক নিৰ্যাতন চলাইছিল মহিলাজনীক ৷ বিশ্বাসঘাটক স্বামীৰ প্ৰৱঞ্চনাৰ অযুত বেদনা বুকুত বান্ধি তিনি কন্যাৰ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত কাঞ্চন হাজৰিকাই সহ্য কৰিছিল সকলো দুখ দুৰ্দশা ৷

স্বামীৰ শাৰীৰিক মানসিক নিৰ্যাতনক নেওচি প্ৰকাশ কৰিলে চাৰিখনকৈ গ্ৰন্থ

পিছে সতিনীয়ে সম্পত্তিৰ লালসাৰে কৰা চক্ৰান্ত আৰু স্বামীৰ শাৰীৰিক মানসিক নিৰ্যাতনৰ মাজতে মানুহগৰাকীৰ বুকুৰ পৰা হেৰাই গৈছিল ভৰ যৌৱনা কনিষ্ঠা কন্যা ৷ কন্যাৰ অকাল বিয়োগত মৰ্মাহত হৈ এদিন কাঞ্চন হাজৰিকাই প্ৰতাৰক স্বামীৰ সংগ এৰিবলৈ বাধ্য হৈছিল ৷

আনহাতে, ২০০১ চনত দেওৰেকৰ ঘৰত থাকি দুই কন্যাৰ সৈতে শহুৰেকৰ পুৰণা ভেটিতেই সাঁজিছিল এখন নতুন ঘৰ ৷ সেই নতুন ঘৰখনতেই দুই কন্যাক বিবাহ দিয়াৰ পাছত এতিয়া নিৰলে জীৱন অতিবাহিত কৰিছে কাঞ্চন হাজৰিকাই ৷ ২০০৯ চনত শিক্ষকতা জীৱনৰ অৱসৰ গ্ৰহণৰ পাছত ২০১০ চনৰে পৰা সম্পূৰ্ণ সাহিত্য চৰ্চাৰ জৰিয়তে জীৱনৰ নিসংগতা দূৰ কৰিবলৈ সক্ষম হৈছে কাঞ্চন হাজৰিকাই ৷ ইতিমধ্যে প্ৰকাশ কৰিছে নিজৰ চাৰিখনকৈ গ্ৰন্থ ৷ ঘৰৰ সমস্ত কাম কাজ , সাহিত্য চৰ্চা , আৰু সামাজিক দায়িত্ব সকলো পালন কৰাৰ উপৰিও সৃজনী লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হৈ আজিও কাৰ্যভাৰ চলাই গৈছে কাঞ্চন হাজৰিকাই ৷ সমাজত এগৰাকী সাহসী আৰু সফল নাৰীৰূপে পৰিচয় লাভ কৰা কাঞ্চন হাজৰিকাই প্ৰমান কৰিছে পুত্ৰ সন্তান নোহোৱাকৈয়ো গঢ়িব পৰা এক অনুপম জীৱন ৷

লগতে পঢ়ক- আপোনাৰ এধানি সহায়ে নতুন জীৱন দিব হীমা দেৱীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.