লখিমপুৰ, 10 ছেপ্তেম্বৰ : লখিমপুৰত সংঘটিত হৈছে আশ্চৰ্যজনক ঘটনা ৷ ৰাজপথৰ কাষত উদ্ধাৰ হৈছে প্ৰায় 336 খনকৈ ভোটাৰ কাৰ্ড । একাংশ দল-সংগঠনে ৰাজপথৰ পৰা ভোটাৰ কাৰ্ড খিনি উদ্ধাৰ কৰি জমা দিয়ে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ৷ কিন্তু উদ্ধাৰ হোৱা ভোটাৰ কাৰ্ড ক'ৰ পৰা কেনেকৈ আহি ৰাজপথ পালেহি সেই তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নাই ৷ এই ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত ঘোষণা কৰিছে নিৰ্বাচনী বিষয়াই ৷ ভোটাৰ কাৰ্ড উদ্ধাৰ কৰি অনা দল সংগঠনেও তদন্তৰ দাবী কৰাৰ লগতে কাৰ গাফিলতিত এই ঘটনা সংঘটিত হ'বলৈ পালে সেয়া ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে ৷
লখিমপুৰৰ ৰাজপথত উদ্ধাৰ বৃহৎসংখ্যক ভোটাৰ কাৰ্ড
লখিমপুৰৰ ৰাজপথৰ কাষত উদ্ধাৰ হৈছে প্ৰায় 336 খনকৈ ভোটাৰ কাৰ্ড