ETV Bharat / state

HSLC paper leak case : লখিমপুৰত পুনৰ আটক ৩ জন - Arrested on question paper leak case

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গোচৰত অসম আৰক্ষী আৰু চিআইডিৰ তদন্ত অব্যাহত আছে (HSLC question paper leak case)। লখিমপুৰত সোমবাৰে পুনৰ ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তেওঁলোকক উত্তৰ লখিমপুৰ সদৰ থানাত জেৰা চলাই থকা হৈছে ।

HSLC paper leak case
লখিমপুৰত পুনৰ আটক ৩ জন
author img

By

Published : Mar 21, 2023, 1:18 PM IST

লখিমপুৰ,২১ মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (HSLC question paper leak)। ইয়াৰ মাজতে আৰক্ষী আৰু চিআইডিয়েও প্ৰশ্নকাকত ফাদিল গোচৰক লৈ তদন্ত অব্যাহত ৰাখিছে । এতিয়ালৈ প্ৰশ্নকাকত ফাদিল গোচৰত চিআইডিয়ে কেইবাগৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু ছাত্ৰক আটক কৰিছে (Arrested on question paper leak case)। প্ৰশ্নকাকত ফাদিলৰ অভিকেন্দ্ৰ লখিমপুৰ বুলি চিনাক্ত হোৱাৰ পাছতে জিলাখনত তীব্ৰ চাঞ্চল্য অব্যাহত আছে ।

লখিমপুৰ জিলাতো আৰক্ষীয়ে ব্যাপক অভিযান চলাইছে । প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত তিনিজনক ইতিমধ্যে আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰি চিআইডিয়ে নিজৰ জিম্মাত ৰাখিছে । অভিযুক্তসকলক জেৰা চলাই থকাৰ মাজতে এই গোচৰত পুনৰ লখিমপুৰত ৩ জনক আটক (3 detained in Lakhimpur on HSLC paper leak case)। সোমবাৰে নিশা লখিমপুৰত আৰক্ষীয়ে আটক কৰে তিনিজনক ।

প্ৰথমে আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা ৫ জনক আটক কৰিছিল যদিও দুজনক সন্ধিয়ালৈ যাবলৈ দিয়া হয় । আটক কৰা সকলৰ ভিতৰত দুগৰাকী শিক্ষক বুলি জানিব পৰা গৈছে । শিক্ষক দুগৰাকী ক্ৰমে জগন্নাথ পেগু আৰু পুৰ্নকান্ত পেগু বুলি জানিব পৰা গৈছে । আনহাতে টুটু শৰ্মা নামৰ আন এজন যুবককো আটক কৰে । সূত্ৰৰ পৰা জানিব পৰা মতে সম্প্ৰতি তিনিওকে উত্তৰ লখিমপুৰ সদৰ থানাত জেৰা চলাই থকা হৈছে ।

অৱশ্যে আৰক্ষীয়ে এই সম্পর্কে এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই । আৰক্ষী সূত্ৰই জনোৱা মতে লখিমপুৰ আৰু মাজুলী জিলাৰ সীমামূৰীয়া এলেকাৰ পৰা তেওঁলোকক আটক কৰা হৈছিল ।

তথ্য অনুসৰি এতিয়ালৈ প্ৰশ্নকাকত ফাদিল গোচৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰায় ৩০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে । তাৰ ভিতৰত প্ৰায় ১৫ গৰাকীয়ে নাবালক । ইফালে আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছিল কেনেদৰে এই প্ৰশ্নকাকত ফাদিলত একাংশ শিক্ষক জড়িত হৈ আছে । আনকি প্ৰশ্নকাকতসমূহ হোৱাটছএপৰ জৰিয়তে কেনেদৰে প্ৰেৰণ কৰা হৈছিল সেই সম্পৰ্কেও আৰক্ষীয়ে জনাইছে ।

লগতে পঢ়ক :HSLC question paper leak : ১০০ টকাতো বিক্ৰী হৈছিল প্ৰশ্নকাকত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.