ETV Bharat / state

100 days of Lakhimpur Cancer Care Hospital: লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ এশ দিন - 100 days of Lakhimpur Cancer Care Hospital

লখিমপুৰ কেন্সাৰ হাস্পতালৰ শনিবাৰে প্ৰতিষ্ঠাৰ এশ দিন উদযাপন কৰা হয়(100 days of Lakhimpur Cancer Care Hospital)। চলিত বৰ্ষৰ ২৮ এপ্রিলত উদ্বোধনৰ পাছৰে পৰা বিশ্বমানৰ এখন চিকিৎসালয়লৈ উন্নত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালখনত এই পৰ্যন্ত ১৪ শ ৰোগীক পৰীক্ষা কৰা হৈছে বুলি চিকিৎসকে সদৰি কৰিছে । তদুপৰি সাতশ ৰোগীক ৰেডিয়েছন দিয়াকে ধৰি আন বহু ৰোগীক আনুসংগিক সেৱা প্ৰদান কৰা হৈছে ।

100 days of Lakhimpur Cancer Care Hospital
লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ এশ দিন
author img

By

Published : Aug 7, 2022, 10:25 AM IST

লখিমপুৰ, ৭ আগষ্ট:লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ শনিবাৰে প্ৰতিষ্ঠাৰ এশ দিন উদযাপন কৰা হয়(100 days of Lakhimpur Cancer Care Hospital)। চলিত বৰ্ষৰ ২৮ এপ্রিলত ৰাজ্যৰ আন কেইখনমান হাস্পতালৰ সৈতে লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ ভাৰ্চুৱেলি উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ এশ দিন

উদ্বোধনৰ পাছৰে পৰা বিশ্বমানৰ এখন চিকিৎসালয়লৈ উন্নত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালখনত এই পৰ্যন্ত ১৪ শ ৰোগীক পৰীক্ষা কৰা হৈছে বুলি চিকিৎসকে সদৰি কৰিছে । তদুপৰি সাতশ ৰোগীক ৰেডিয়েছন দিয়াকে ধৰি আন বহু ৰোগীক আনুসংগিক সেৱা প্ৰদান কৰা হয় ।শনিবাৰে বিয়লি হাস্পতালখনৰ এশ দিন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অসমৰ মুৰব্বী ডাঃ দ্বীপজ্যোতি দাস, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অনুপ দাস, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জগদীশ গোস্বামী, উপায়ুক্ত সুমিত সাত্তাৱান আদিয়ে অংশগ্রহণ কৰে ।

লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালখন আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ কৰা হৈছে আৰু ৰোগী ৰাজ্যৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই বৰং লখিমপুৰতে দেশৰ আগশাৰীৰ চিকিৎসা লয়ৰ সমান সুবিধা লাভ কৰিব বুলি বক্তাসকলে কয় । লখিমপুৰ অথবা দাঁতি কাষৰীয়া ধেমাজি,মাজুলী আদি জিলাৰ ৰোগীসকলক লখিমপুৰ কেন্সাৰ কেয়াৰ হাস্পতালতে চিকিৎসা গ্ৰহণ কৰিবলৈ বক্তাসকলে আহ্বান জনায় ।

লগতে পঢ়ক:Jonai embankment scam : এজাক বৰষুণতে খহিল কোটি টকীয়া নিৰ্মীয়মান মথাউৰি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.