ETV Bharat / state

Youth BPF PC: বিটিচি চৰকাৰৰ বিৰুদ্ধে শিক্ষা বিভাগৰ পুঁজি অপব্যৱহাৰৰ অভিযোগ যুৱ বিপিএফৰ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:45 PM IST

কোকৰাঝাৰত যুৱ বিপিএফৰ সংবাদমেল ৷ বিটিচিৰ শিক্ষা বিভাগৰ ১৯ কোটি ৭৬ লাখ টকা অপব্যৱহাৰৰ অভিযোগ ৷ শিক্ষা বিভাগৰ পুঁজি ক্ৰীড়া বিভাগত ব্যায় কৰাৰ অভিযোগ উত্থাপন কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে যুৱ বিপিএফে ।

Youth BPF press conference in Kokrajhar
কোকৰাঝাৰত যুৱ বিপিএফৰ সংবাদমেল
কোকৰাঝাৰত যুৱ বিপিএফৰ সংবাদমেল

কোকৰাঝাৰ,১৪ ছেপ্টেম্বৰ: বিটিচিৰ শিক্ষা বিভাগ শিতানৰ পুঁজি ১৯ কোটি ৭৬ লাখ টকা ক্ষমতাৰ অপব্যৱহাৰেৰে বিটিচি চৰকাৰে আন বিভাগত ব্যয় কৰি শিক্ষা বিভাগৰ পুঁজিৰ অপব্যৱহাৰ আৰু দূৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন কৰে বিপিএফৰ যুৱ শাখাই । বৃহস্পতিবাৰে বিয়লিভাগত কোকৰাঝাৰ চহৰৰ গৌৰাং ভেলী হোটেলত আয়োজিত হোৱা এক সংবাদমেলত আৰটিআইৰ তথ্যৰ উদ্ধৃতিৰে বিপিএফৰ যুৱ শাখাৰ সম্পাদক কাষ্টম বসুমতাৰীয়ে বিটিচিৰ শিক্ষা বিভাগ শিতানৰ পুঁজি ক্ৰীড়া বিভাগকে ধৰি আন শিতানত খৰচ কৰাৰ গুৰুতৰ অভিযোগ কৰে ।

বিটিচিৰ শিক্ষা বিভাগৰ পুঁজি ১৯ কোটি ৭৬ লাখ ৯৯ হাজাৰ ৫৫৪ টকা আন শিতানত খৰচ কৰাটো দূৰ্নীতি আৰু কেলেংকাৰীৰে নামান্তৰ বুলি অভিযোগ উত্থাপন কৰি বিপিএফৰ যুৱ শাখাৰ কাষ্টম বসুমতাৰীয়ে কয় যে মানৱ সম্পদ গঢ় দিয়াৰ সলনি , বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সলনি শিক্ষা বিভাগ শিতানৰ পুঁজিৰ ধনেৰে হোটেলত মাছে-ভাতে খাই, পৰিবহন ব্যয় দেখুৱাই, আৰনাই কিনি, ডেক'ৰেচন কৰি অপব্যৱহাৰ আৰু দূৰ্নীতি কৰাটো মুঠেই সমীচীন হোৱা নাই ।

এই বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি ন্যায় প্ৰদানৰ বাবে আহ্বান জনাই কাষ্টম বসুমতাৰীয়ে । উল্লেখ্য যে কোকৰাঝাৰত আয়োজিত হোৱা সংবাদমেলত কাষ্টম বসুমতাৰীয়ে আৰটিআইৰ তথ্যৰ উদ্ধৃতিৰে আইএচপিএল ফুটবল প্ৰতিযোগিতাৰ জিলা পৰ্যায়ৰ আয়োজক সমিতিৰ নামত শিক্ষা বিভাগৰ ৩,০৭,৮১,৮৪৩ টকা, আইএচপিএল ফুটবল প্ৰতিযোগিতাৰ অস্থায়ী গেলাৰী নিৰ্মাণ, পোহৰ, টাৱেল শ্বেড', ডাইনিং শ্বেড', প্ৰৱেশ পথৰ সজ্জিতকৰণৰ নামত ৩,৫০,৯৪,০০১ টকাৰ খাদ্য, আৰনাই, ফুল, টি-চাৰ্ট, টুপীৰ নামত ২,৪৯,০৮,৩৫৪ টকা, আইএচপিএল অনুষ্ঠিত কৰাৰ নামত ৫,০১,১৭,৫৯৪ টকা খৰচ কৰাৰ অভিযোগ উত্থাপন কৰে ।

ইয়াৰোপৰি চতুৰ্থ খো-খো খেলৰ পাৰ্কিং, প্ৰৱেশ পথৰ নামত ৮৩,৮৮,১৯৩ টকা, প্ৰথম আইএচপিএলৰ ট্ৰফী, মেডেল, মেগাজিন, টেণ্ট, হোটেলৰ ভাড়া ইত্যাদিৰ নামত ৫২,২৬,৪২১ টকা, বড়োলেণ্ডত ক্ৰীড়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ নামত ৪০,৯৩,৬৭২ টকা, বাক্সাত অনুষ্ঠিত হোৱা প্ৰথম ষষ্ঠ অনুসূচী প্ৰিমিয়াৰ ফুটবল লীগ অনুষ্ঠিত কৰাৰ নামত ৫২,৫৫,৬৮৫ টকা আৰু বড়োলেণ্ড আন্তৰাষ্ট্ৰীয় নলেজ ফেষ্টিভেলৰ সাংস্কৃতিক, মিডিয়া পাব্লিচিটি, ফটোগ্ৰাফী, গেষ্ট ৰিচিপচন, ফ্লাইট টিকট, কৰ্মশালা, বেনাৰ , ফুডিং আদিৰ বাবে ৩,৩৮,২৯,৭৯১ টকা ব্যায় কৰা বুলি সদৰী কৰে ।

বিটিচিৰ শিক্ষা বিভাগৰ ১৯ কোটি ৭৬ লাখ টকা অপব্যৱহাৰ আৰু দূৰ্নীতিৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰি বিটিচিৰ মুখ্য সচিব, শিক্ষা বিভাগৰ সঞ্চালককো তদন্তৰ আঁওতালৈ অনাৰ দাবী উত্থাপন কৰে । তদুপৰি বিটিচিৰ মুখ্য কাৰ্যবাহী তথা শিক্ষা বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৰ দূৰ্নীতিৰ প্ৰতি নজৰ দিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জনাই কাষ্টম বসুমতাৰীয়ে । ছাত্ৰ-ছাত্ৰীৰ সুবিধা কাঢ়ি শিক্ষা বিভাগৰ পুঁজি আন শিতানত খৰচ কৰাটো বিপিএফ যুৱ গোটে কোনোপধ্যে সমৰ্থন নকৰে আৰু ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে বিপিএফৰ যুৱ গোটৰ সম্পাদক কাষ্টম বসুমতাৰীয়ে ।

লগতে পঢ়ক: Drugs seized: হেৰ’ইনসহ দুই ড্ৰাগছ আসক্ত যুৱক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.