ETV Bharat / state

ষ্ট্ৰং ৰূমত বন্দী প্ৰাৰ্থীৰ ভাগ্য : ফলাফলৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা ! - অসমৰ নিৰ্বাচন

ইভিএমত বন্দী হল 9 গৰাকী প্ৰাথীৰ ভাগ্য ৷ভোটগনণাৰ আগে পিছে ব্যাপক হিংসাত্মক ঘটনাৰ সম্ভৱনা ৷ মঙলবাৰে কোকৰাঝাৰ চহৰত এচাম দুষ্কৃতিকাৰীয়ে খেদি খেদি ইউপিপিএল দলৰ তিনিজন সমৰ্থকক আক্ৰমণ কৰি চিকিৎসাধীন কৰা ঘটনাৰ পাচতে উত্তেজিত হৈ পৰিছে সমগ্ৰ কোকৰাঝাৰ চহৰ ৷

ষ্ট্ৰং ৰূমত বন্দী প্ৰাৰ্থীৰ ভাগ্য
author img

By

Published : Apr 24, 2019, 10:45 PM IST

কোকৰাঝাৰ, 24 এপ্ৰিল :ৰাজ্যৰ তৃতীয় পৰ্য্যায়ত শান্তিপূৰ্ণভাৱে অন্ত পৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ ৷ মঙলবাৰে শান্তিপূৰ্ণভাৱে 83.2 শতাংশ ভোটৰে ৰাইজে নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সমষ্টিৰ ভোটগণনাৰ ফলাফলৰ আগে পিছে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে সচেতন নাগৰিকে ৷

ষ্ট্ৰং ৰূমত বন্দী প্ৰাৰ্থীৰ ভাগ্য
ষ্ট্ৰং ৰূমত বন্দী প্ৰাৰ্থীৰ ভাগ্য

বহু চৰ্চিত কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ন গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰে অৱতীৰ্ণ তিনি গৰাকী প্ৰাৰ্থী ক্ৰমে বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰক্ষ্ম,ইউপিপিএলৰ উৰ্খাও গৌড়া ব্ৰহ্ম আৰু অবড়ো সমৰ্থিত নিৰ্দলীয় প্ৰাথী নৱ কুমাৰ শৰণীয়াৰ যুজঁ আছিল আত্মসন্মান আৰু প্ৰত্যাহ্বানৰ যুজঁ ৷ যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ লোকসভা সমষ্টিত জয় পৰাজয়ৰ অংকত ভোটগণনাৰ আগে পিছে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভৱনাই দেখা দিছে ৷ মঙলবাৰে কোকৰাঝাৰ চহৰত এচাম দুষ্কৃতিকাৰীয়ে খেদি খেদি ইউপিপিএল দলৰ তিনিজন সমৰ্থকক আক্ৰমণ কৰি চিকিৎসাধীন কৰা ঘটনাৰ পাচতে উত্তেজিত হৈ পৰিছে সমগ্ৰ কোকৰাঝাৰ চহৰ ৷

ষ্ট্ৰং ৰূমত বন্দী প্ৰাৰ্থীৰ ভাগ্য
ষ্ট্ৰং ৰূমত বন্দী প্ৰাৰ্থীৰ ভাগ্য

যাৰ পৰিপ্ৰেক্ষিতত অহা 23 মে ভোটগনণাৰ আগে পিছে বিটিএডিত পুনৰ কোনো দুষ্ট চক্ৰই বাতাবৰণ অশান্ত কৰি তোলাৰ সম্ভৱনাই গা কৰি তোলাৰ চিন্তাৰ উদ্ৰেগ ঘটাইছে বিভিন্ন মহলত ৷ আনহাতে কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ 245 টা ভোট কেন্দ্ৰৰ ই ভি এমৰ বাকচ সমূহ যোৱাকালি মাজনিশা পৰা যথাস্থানত সুকলমে আহি পোৱাত বুধবাৰে পুৱা 4-15 বজাত ৰিটানিং বিষয়া পাৰ্থ প্ৰতীম মজুমদাৰৰ নেতৃত্বত আৰক্ষী বিষয়া আৰু আন সকলো ৰাজনৈতিক দলৰ উপস্থিতিত কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত ইভিএমসমূহ ষ্ট্ৰং ৰূমত ছীল কৰি দিয়ে ৷

বুধবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ চূড়ান্ত প্ৰতিবেদন মৰ্মে ভোট দানৰ হাৰ কোকৰাঝাৰ (পূৱ) 82.2 শতাংশ ,কোকৰাঝাৰ পশ্চিম 82 .66, গোসাইগাঁও82.2 শতাংশ ৷

কোকৰাঝাৰ লোকসভা সমষ্টিৰ চূড়ান্ত ভোটদানৰ হাৰ ৮৩.২ শতাংশ ৷ইভিএমত বন্দী হল ৯ গৰাকী প্ৰাথীৰ ভাগ্য ৷ষ্ট্ৰং ৰূম ছীল ৷ভোটগনণাৰ আগে পিছে ব্যাপক হিংসাত্মক ঘটনাৰ সম্ভৱনা !
-----------------------------------------------------------------
কোকৰাঝাৰ ২৪ এপ্ৰিল :ৰাজ্যৰ তৃত্বীয় পয্যায়ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ যোৱা কালি শান্তিপূৰ্ণভাৱে ৮৩,২ শতাংশ ভোটৰে ৰাইজে নিৰ্ভয়ে ভোটাধিকাৰ সাৱস্ত্য কৰিলেও সমষ্টিৰ ভোটগননাৰ ফলাফলৰ আগে পিছে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে সচেতন নাগৰিকে ৷ প্ৰকাশ যে বহু চৰ্চিত কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বণ্ডিতা আগবঢ়ায়ছিল ন’ গৰাকী প্ৰাৰ্থীয়ে ৷ইয়াৰে অবতীৰ্ণ তিনি গৰাকী প্ৰাথী ক্ৰমে বিপিএফৰ প্ৰমিলা ৰানী ব্ৰক্ষ,ইউপিপিএলৰ উৰ্খাও গৌড়া ব্ৰহ্ম আৰু অবড়ো সমৰ্থিত নিৰ্দলীয় প্ৰাথী নৱ কুমাৰ শৰনীয়াৰ যুজঁ আছিল আত্মসন্মান আৰু প্ৰত্যাহ্বানৰ যুজঁ ৷ যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ লোকসভা সমষ্টিত জয় পৰাজয়ৰ অংকত ভোটগননাৰ আগে পিছে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সম্ভৱনাই দেখা দিছে ৷ এনেকি যোৱা কালি কোকৰাঝাৰ চহৰত এচাম দূস্কৃতি কাৰীয়ে খেদি খেদি ইউপিপিএল দলৰ তিনিজন সমৰ্থকক আক্ৰমন কৰি চিকিৎসাধীন কৰা ঘটনাৰ পিছতে উত্তেজিত হৈ পৰিছে সমগ্ৰ কোকৰাঝাৰ চহৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত অহা ২৩ মে ভোটগনণাৰ আগে পিছে বিটিএডিত পুণৰ কোনো দুষ্ট চক্ৰই বাতাবৰন অশান্ত কৰি তোলাৰ সম্ভৱনাই গা কৰি তোলাৰ চিন্তাৰ উদ্ৰেগ ঘটাইছে বিভিন্ন মহলত ৷ আনপিনে কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ ২৪৫ টা ভোট কেন্দ্ৰৰ ই ভি এম ৰ বাকচ সমুহ যোৱাকালি মাজনিশা পৰা যথাস্হানত সুকলমে আহি পোৱাত আজি পূৱা ৪-১৫বজাত ৰিটানিং বিষয়া পাৰ্থ প্ৰতীম মজুমদাৰৰ নেতৃত্বত আৰক্ষী বিষয়া আৰু আন সকলো ৰাজনৈতিক দলৰ উপস্হিতিত কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত ইভিএম সমুহ ষ্ট্ৰং ৰূমত ছীল কৰি দিয়ে ৷ ইপিনে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ চূড়ান্ত প্ৰতিবেদন মৰ্মে ভোট দানৰ কোকৰাঝাৰ (পূৱ) 82.2/_শতাংশ ,কোকৰাঝাৰ (পশ্চিম)__82.66/_গোসাইগাও __82.2/_.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.