কোকৰাঝাৰ, 18 নবেম্বৰ : বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ চৰকাৰখনৰ বিৰুদ্ধে পাঁচ পৃষ্ঠাজোৰা স্মাৰক পত্ৰৰে কেতবোৰ বিষ্ফোৰক অভিযোগ তুলিছে (Hagrama Mahilary letters) ৷ এই পত্ৰসমূহ ৰাজহুৱা হোৱাৰ পিচতে ইউপিপিএল দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ প্ৰমোদ বড়োৰ বিৰুদ্ধে উত্থাপন কৰা মহিলাৰীৰ সকলো অভিযোগক উদ্দেশ্য প্ৰণোদিত, মনেসজা তথা ভিত্তিহীন বুলি আখ্যা দিছে ইউপিপিএলে (Hagrama Mahilary against Pramod Boro) ৷
শুকুৰবাৰে বিয়লি কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে ৷ নতুন দিল্লীত এমাহৰো অধিক সময় বাহৰ পাতি বিজেপি আৰু আৰ এছ এছৰ নেতা সকলক সাক্ষাৎ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ বিৰুদ্ধে তোলা অভিযোগ সমূহ সমূলি মিছা বুলি কয় নাৰ্জাৰীয়ে ৷
হাগ্ৰামা মহিলাৰী বিটিচি শাসনৰ পৰা ক্ষমতাচ্যুত হোৱাৰ পিছতে একপ্ৰকাৰ মানিসিক হতাশত ভুগিছে বুলি কয় ৰাজু নাৰ্জাৰীয়ে ৷ তেওঁ হাগ্ৰামা মহিলাৰীৰ ৰাজনীতিৰ বাবে বিটিআৰত শান্তি বিঘ্নিত কৰাটো কোনো পধ্যে ইউপিপিএলে প্ৰশ্ৰয় নিদিয়ে আৰু বড়োভূমিৰ শান্তিৰ পৰিবেশ বিঘ্নিত কৰিবলৈ দিয়া নহ’ব বুলি কয় ৷
‘‘হাগ্ৰামা মহিলাৰীয়ে বিজেপিত যোগদান দিয়ে বা নিদিয়ে, বিজিপেৰে মিত্ৰতা কৰে নে নকৰে আমাৰ ক’ব লগা নাই ৷ হাগ্ৰামা বিজেপিৰে মিত্ৰতাত চামিল হলেও আমাৰ ক্ষতি নহ’ব’’ বুলি কয় ইউপিপিএলৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ বিজেপি ইউপিপিএল আৰু জিএচপিৰ মিত্ৰতা অটুট থকা বুলি দাবী কৰি ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয় যে, হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সতে ইউপিপিএলৰ মিত্ৰতা ভঙাৰ যিমানে প্ৰয়াস নকৰক সফল হ’ব নোৱাৰে ৷
লগতে পঢ়ক: Hagaram Mahilary's letter: বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ চিঠিত কি লিখিছিল হাগ্ৰামাই ?