ETV Bharat / state

বিটিএডিত দুৰ্নীতিৰ অভিযোগ, চিবিআইক তদন্তৰ দাবী ইউ পি পি এলৰ - হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ

বিপিএফৰ শাসনকালত বিটিএডিত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন ইউ পি পি এল দলৰ ৷ বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ পিছতে এটাৰ পিছত এটাকৈ ফাদিল কোটি কোটি টকাৰ অবাধ দুৰ্নীতি । চিবিআইক তদন্তৰ দাবী কৰে ইউ পি পি এলে ৷

বিটিএডিত দুৰ্নীতিৰ অভিযোগ, চিবিআইক তদন্তৰ দাবী ইউ পি পি এলৰ

author img

By

Published : May 16, 2020, 1:24 PM IST

কোকৰাঝাৰ, 15 মে : ৰাজ্যপালে বিটিএডিৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই বিগত 17 বছৰ বিটিএডিৰ শাসনভাৰ চলোৱা বিপিএফ দলৰ সভাপতি তথা বিটিএডিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ কেইদিনমানৰ পূৰ্বে 1000 কোটি টকীয়া কেলেংকাৰীৰ তথ্য সহকাৰে ইউ পি পি এল দলৰ কেন্দ্ৰীয় সদস্য তথা যুৱ নেতা পৃথিৱীৰাজ নাৰায়ণ দেৱ মেচে সংবাদ মাধ্যমৰ যোগেদি ফাদিল কৰাৰ পিছতে আকৌ বিটিচিৰ বিভিন্ন বিভাগত কোটি কোটি টকাৰ অবাধ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ইউ পি পি এলৰ আন দুগৰাকী যুৱ নেতাই |

শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ সঠিমাথাস্থিত ইউ পি পি এল দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলযোগে দলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰী আৰু ইউ পি পি এল দলৰ আৰ টি আই কৰ্মী কামাল আজাদে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰে বিগত 17 বছৰ শাসনৰ দায়িত্বত থাকি কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে বুলি এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। আনকি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীক চাউল বিতৰণৰ ক্ষেত্ৰত বিটিএডি সমবায় সমিতিৰ অন্তৰ্গত মুঠ 108 খন সমবায় সমিতিৰ 42 মাহৰ সুলভ মূল্যৰ চাউল বিতৰণৰ বাবদ পৰিবহন ব্যয় আৰু কমিচনৰ বাবদ সৰ্বমুঠ 75,31,75,972 কোটি টকা অসম চৰকাৰে সময়মতে বিটিচি কৰ্তৃপক্ষক মোকোলাই দিছিল যদিও উক্ত ধনৰাশিৰ বৃহৎ অংশ বিটিএডি কৰ্তৃপক্ষই সমবায় সমিতি গাঁও পঞ্চায়তক মোকোলাই দিয়া নাই ।

বিটিএডিত দুৰ্নীতিৰ অভিযোগ, চিবিআইক তদন্তৰ দাবী ইউ পি পি এলৰ
আনহাতে, উক্ত সংবাদমেলতে ইউ পিপি এলৰ আৰ টি আই কৰ্মী কামাল আজাদে বিভিন্ন বিভাগত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য দাঙি ধৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰে 17 বছৰীয়া শাসন কালৰ সময়ছোৱাত 15 কোটি টকা দুৰ্নীতি সংঘটিত কৰা বুলি দাবী কৰে। লগতে ‘কেগ’ৰ প্ৰতিবেদন অনুসৰি, বৃহৎ পৰিমানৰ ধনৰ কেলেংকাৰি কৰা বুলি উল্লেখ কৰি বিটিচি কৰ্তৃপক্ষই ৰাজ্যপালৰ অনুমতি অবিহনে 249.90 কোটি টকাৰ দুৰ্নীতি কৰিছে বুলিও দাবী উত্থাপন কৰে। ইতিমধ্যে ইউ পি পি এল-য়ে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : ওৰাঙৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত 1

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.