ETV Bharat / state

নিবনুৱা সমস্যা সমাধানৰ লগতে মহিলা সবলীকৰণত গুৰুত্ব দিব ইউপিপিএলে: ৰাজু নাৰ্জাৰী

ইউপিপিএলৰ নিৰ্বাচনী ইস্তাহাৰত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিছে দলটোৱে ৷ ইয়াৰ ভিতৰত সু-শাসনকে ধৰি ই-গৰ্ৱনেঞ্চ, সংবাদকৰ্মীসকলৰ বাবে কল্যাণ কোষ আদি মুকলিৰ লগতে বিটিচিৰ বিকাশ আৰু উন্নয়নত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰা হৈছে ৷ তদুপৰি জন সাধাৰণ আৰু জন প্ৰতিনিধিসকলৰ মাজৰ দুৰত্ব হ্ৰাস কৰিবলৈ জনতা দৰবাৰ অনুষ্ঠিত কৰাৰ আঁচনিও গ্ৰহণ কৰিব দলটোৱে ৷

UPPL promises employment generation in BTR if power Kokrajhar assam etv bharat news
ইউপিপিএলৰ সংবাদমেল
author img

By

Published : Sep 7, 2020, 9:16 PM IST

কোকৰাঝাৰ,7 ছেপ্তেম্বৰ: ৰাজনৈতিক দল ইউপিপিএলে পৰৱৰ্তী নিৰ্বাচনত জয়ী হৈ শাসনৰ বাঘজৰী চম্ভালিব পাৰিলে পোনতে নিবনুৱা সমস্যা দুৰীকৰণৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও বিটিচিৰ মহিলাসকলৰ সবলীকৰণৰ দিশত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ সোমবাৰে বিটিচিৰ কফি এক্সপ্ৰেছ কেফেত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ইউপিপিএলৰ নেতৃবৰ্গই ৷ দলটোৰ হৈ এই সংবাদমেল সম্বোধন কৰে সচিব ৰাজু নাৰ্জাৰীয়ে ৷ নাৰ্জাৰীয়ে পৰৱৰ্তী নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়ায় ৷

ইউপিপিএলৰ প্ৰকাশ হ’বলগীয়া নিৰ্বাচনী ইস্তাহাৰত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিছে দলটোৱে ৷ ইয়াৰ ভিতৰত সু-শাসনকে ধৰি ই-গৰ্ৱনেঞ্চ, সংবাদকৰ্মীসকলৰ বাবে কল্যাণ কোষ আদি মুকলিৰ লগতে বিটিচিৰ বিকাশ আৰু উন্নয়নত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰা হৈছে ৷ তদুপৰি জন সাধাৰণ আৰু জন প্ৰতিনিধিসকলৰ মাজৰ দুৰত্ব হ্ৰাস কৰিবলৈ জনতা দৰবাৰ অনুষ্ঠিত কৰাৰ আঁচনিও গ্ৰহণ কৰিব দলটোৱে ৷

ইউপিপিএলৰ সংবাদমেল

ইউপিপিএলৰ নেতাসকলে ই-গৰ্ৱনেঞ্চ ব্যৱস্থাৰ জৰিয়তে প্ৰশাসন ব্যৱস্থাত পৰিৱৰ্তন অনাৰ প্ৰথম পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে ৷ লগতে ভিচিডিচিসমূহক গ্ৰাম্য পৰিষদ হিচাপে নামাকৰণ কৰা হ’ব ৷ মহিলা সবলীকৰণ বৃদ্ধিৰ বাবে ৰোজগাৰৰ দিশত 75,000 জলপানিৰ ব্যৱস্থা কৰিব দলটোৱে ৷ বিটিচিত বাস কৰা গৃহহীন এক লাখ পৰিয়ালক গাঁওসভাৰ অধীনত বড়োলেণ্ড আৱাস যোজনাৰ অধীনত গৃহ আৱণ্টন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব দলটোৱে ৷

এনেদৰে এতিয়া বিটিচিৰ পৰৱৰ্তী নিৰ্বাচনক কেন্দ্ৰ কৰি ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷

লগতে চাওকঃ বুঢ়াচাপৰি অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি নমাইছে লুইতৰ খহনীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.