ETV Bharat / state

মডেল বিটিচি গঢ়াৰ নামত বিপিএফে দুৰ্নীতি কৰিছে: প্ৰমোদ বড়ো

author img

By

Published : Jun 1, 2020, 2:48 PM IST

মডেল বিটিচি গঢ়াৰ নামত বিপিএফে দুৰ্নীতি কৰি কেইবাশ নিবনুৱাক বঞ্চনা কৰাৰ লগতে বিটিচিৰ প্ৰাক্তন প্ৰধান সচিব ৰবিনচোন মোচাহাৰীয়ে নিজ সন্তানক কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈ নিযুক্তি দিয়া কাৰ্যকো সমালোচনা কৰে প্ৰমোদ বড়োৱে।

UPPL president Pramod bodo comments on Hagrama mohilari
প্ৰমোদ বড়ো

কোকৰাঝাৰ, ১ জুন : দেওবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা ইউপিপিএলৰ সভাপতি প্ৰমোড বড়োৰ ৷ "হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ শাসন কালত বিভিন্ন বিভাগত সংঘটিত হোৱা কোটি কোটি টকাৰ দুৰ্নীতিয়ে বিপিএফৰ ঐতিহাসিক ভুল আছিল" বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ইউপিপিএলৰ সভাপতিগৰাকীয়ে ৷

মডেল বিটিচি গঢ়াৰ নামত বিপিএফে দুৰ্নীতি কৰিছে

লগতে পঢ়ক: চাৰিটা অস্ত্ৰোপচাৰ কৰিও সুস্থ নহ'ল পুত্ৰঃ ৰাইজৰ ওচৰত কৰযোৰে আহ্বান পিতৃৰ

মডেল বিটিচি গঢ়াৰ নামত বিপিএফে দুৰ্নীতি কৰি কেইবাশ নিবনুৱাক বঞ্চনা কৰাৰ লগতে বিটিচিৰ প্ৰাক্তন প্ৰধান সচিব ৰবিনচোন মোচাহাৰীয়ে নিজ সন্তানক কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈ নিযুক্তি দিয়া কাৰ্যকো সমালোচনা কৰে প্ৰমোদ বড়োৱে। আনহাতে কৰ'ণাৰ বাবে বিটিচিৰ নিৰ্বাচন স্থগিত হোৱাৰ বাবে নিৰ্বাচনতকৈ জীৱন বেছি মূল্যৱান বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

ইপিনে, দেওবাৰে ইউ পি পি এলৰ কোকৰাঝাৰস্থিত মুখ্য কাৰ্যালয়ত সামাজিক দুৰত্ব বজাই ৰাখি কোকৰাঝাৰ জিলা আমছুৰ প্ৰাক্তন কাৰ্যকৰি সভাপতি কঞ্চুৰ আলি,উপ সভাপতি ছফিকুল ইছলাম সহ ২৫ জন আমছুৰ নেতা কৰ্মীৰ লগতে আন বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় শতাধিক সদস্যই ইউ পি পি এলত যোগদান কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.