কোকৰাঝাৰ,16 জানুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ পূৰ্বেই বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ সহযোগত বিটিচিত পৰিষদ গঠন কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে ইতিমধ্যে জনজাতিৰ বাবে সংৰক্ষিত 30 নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টি দখল কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে ৷
খুব কম সময়ৰ ভিতৰতে কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত ইউপিপিএলে কেইবাটাও কাৰ্যালয় মুকলি কৰি নিজৰ তৎপৰতা আৰম্ভ কৰিছে । ইউপিপিএলৰ এই ব্যস্ততা দেখি সকলোৱেই এই লৈ নিশ্চিত হৈছে যে, বৰ্তমান বিপিএফৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ দখলত থকা 30 নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টি নিজৰ দখললৈ অনাৰ বাবে ইউপিপিএলে চেষ্টাৰ কোনো ক্ৰুটি ৰাখিব বিচৰা নাই ৷
শনিবাৰে ইউপিপিএলে বালাগাঁৱৰ চিআইটিৰ কাষৰ জেডি পথৰ লগতে দেৱৰগাঁও প্ৰাইমেৰী কমিটিৰ কাৰ্যালয় মুকলি কৰে । আনুষ্ঠানিকভাৱে কাৰ্যালয় মুকলি কৰি ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিপিএফৰ 17 বছৰীয়া শাসনক অপশাসন বুলি আখ্যা দি কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ নাম নোলোৱাকৈ বড়োৱে 15-20 বছৰ ধৰি বিধায়িকা মন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰাসকল ব্যৰ্থ বুলি কটাক্ষ কৰি ৰাইজক ভয় নকৰিবলৈ আহ্বান জনায় বড়োৱে কয়, "কিমান আৰু ভয় ভয় কৰি থাকিব, নিজ গাঁৱত, নিজৰ অঞ্চলত মূৰ দাঙি কথা কবলৈ ভয় কৰিব নালাগে, কিয়নো এইখন আমাৰ গাঁও, আমাৰ অঞ্চল আৰু আমাৰ পিতৃ-মাতৃৰো জন্মস্থান ইয়াতেই ৷"
উপস্থিত ৰাইজক এখন সুন্দৰ সমাজ গঢ়াৰ অংশীদাৰ হ'বলৈ আহ্বান জনাই বড়োৱে কয়, "দাদাগিৰি, বাহাদুৰি কৰা মানুহবোৰে আৰু দাদাগিৰি, বাহাদুৰি কৰিবলৈ সুযোগ নাপাব ৷" ইউপিপিএলৰ কাৰ্যালয়সমূহ বিপিএফৰ কাৰ্যালয়ৰ দৰে মাংস খোৱা, কিবা খোৱা অফিচ নহয় বুলি তাচ্চিল্যসূচক মন্তব্য কৰি ইউপিপিএলৰ প্ৰতিটো কাৰ্যালয় সমাজ সেৱা কেন্দ্ৰ ৰূপে গঢ় দিয়া হ'ব বুলিও বড়োৱে ঘোষণা কৰে ৷
লগতে পঢ়ক:ৰাজ্যত পুনৰ এক বিজেপি বিৰোধী মহাজোট গঠনৰ উকমুকনি !