ETV Bharat / state

কোকৰাঝাৰত ইউপিপিএলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা - UPPL

কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ইউপিপিএলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । ইউপিপিএলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, দলৰ স্থিতি, ভৱিষ্যত পৰিকল্পনা আৰু নিৰ্বাচনৰ সমষ্টি ভিত্তিক পৰ্যালোচনা কৰা হয় ।

uppl-cwc-meeting
কোকৰাঝাৰত ইউপিপিএলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা
author img

By

Published : Dec 22, 2020, 10:16 PM IST

কোকৰাঝাৰ, ২২ ডিচেম্বৰ : কোকৰাঝাৰৰ চান্দামাৰীস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ইউপিপিএলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । কাৰ্যনিৰ্বাহক সভাত ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কাৰ্যকাৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, ইউপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌড়া ব্ৰহ্মকে ধৰি বিটিচিৰ চাৰিওখন জিলাৰ কেইবা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

কোকৰাঝাৰত ইউপিপিএলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা

ইউপিপিএলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, দলৰ স্থিতি, ভৱিষ্যত পৰিকল্পনা আৰু নিৰ্বাচনৰ সমষ্টি ভিত্তিক পৰ্যালোচনা কৰা হয় । ইপিনে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পিছত পৰিষদীয় চৰকাৰ গঠন কৰা ইউপিপিএল দলৰ মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰথম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে যদিও দলটোৱে কাৰ্যনিৰ্বাহক সভাখনত কিকি নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে সেয়া জানিব পৰা হোৱা নাই ৷

অৱশ্যে বিগত পৰিষদীয় নিৰ্বাচনত দলটোৱে মুখথেকেচা খোৱা পৰিষদীয় সমষ্টি সমূহত দলীয় সাংগঠনিক ভেটি মজবুত কৰি পুনৰ উক্ত সমষ্টি সমূহ আগন্তুক সময়ত নিজৰ দখললৈ অনা তথা সমাগত বিধানসভা নিৰ্বাচনত দলটোৱে নিৰ্বাচনী যুঁজত কেনেদৰে অৱতীৰ্ণ হ‘ব তাৰ ওপৰতো আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷

আনহাতে সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োই বৰ্তমান দলৰ স্থিতি মজবুত বুলি মন্তব্যৰে বিটিআৰ এলেকাত বহু কাম কৰিবলগীয়া আছে বুলি মন্তব্যৰে প্ৰশাসন আৰু ৰাইজৰ দূৰত্ব বাঢ়ি যোৱা বুলি মন্তব্য কৰি বিটিআৰ এলেকাত কোনো এটা আঁচনিয়ে ভালদৰে চলা নাই বুলি মন্তব্য কৰে ।
লগতে পঢ়ক: গুৱাহাটীৰ কেইবাটাও স্থানক 'প্ৰটেকটেড এৰিয়া' ঘোষণা জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.