কোকৰাঝাৰ, 31 জুলাই : নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আয়োজিত তেৰ বছৰ অনুৰ্ধৰ এবছুৰ আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় ৷ এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন যমদুৱাৰ আঞ্চলিক বনাম বনৰগাঁও আঞ্চলিকৰ মাজত অনুষ্ঠিত হয় ৷ দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷
তুমুল উত্তেজনাপূৰ্ণ আৰু আকৰ্ষণীয় চূড়ান্ত খেলখনৰ প্ৰথম আৰু দ্বিতীয়াৰ্ধৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত উভয় পক্ষই ৩-৩ গ’লৰ ব্যৱধানত ড্ৰ’ হোৱাত ট্ৰাইবেকাৰ পদ্বতিৰে খেলখন পৰিচালনা কৰা হয় ৷ ট্ৰাইবেকাৰত যমদুৱাৰ আঞ্চলিকে ৩-১ গ’লৰ ব্যৱধানত বনৰগাঁও আঞ্চলিকক পৰাজিত কৰি চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে ৷ প্ৰতিযোগিতাৰ চেম্পিয়ন দলক ২০ হেজাৰ নগদ ধন সহ ট্ৰফী আৰু ৰাণাৰ্ছ আপ দলক ১৫ হেজাৰ নগদ ধনৰ লগতে ট্ৰফী প্ৰদান কৰা হয় ৷
লগতে পঢ়ক : Sports seminar in Sivsagar : শিৱসাগৰত ক্ৰীড়া বিষয়ক আলোচনা চক্ৰ
আনহাতে যমদুৱাৰ আঞ্চলিকৰ ফৌথায় হাজোৱাৰীক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আৰু শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ বঁটা যমদুৱাৰ আঞ্চলিকৰ ৰাহুল বসুমতাৰীক প্ৰদান কৰা হয় ৷ তদুপৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা গোঁসাইগাঁও আঞ্চলিক দলক দহ হেজাৰ টকা সহ ট্ৰফী প্ৰদান কৰা হয় ৷
বিগত ১৬ জুলাইৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত মুঠ ২১ টা আঞ্চলিক দলে অংশ গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে, খেলখন উপভোগ কৰিবলৈ এবছুৰ সভাপতি দ্বীপেন বড়োৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেইবা সহস্ৰাধিক ফুটবল প্ৰেমীৰে দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উপচি পৰে ৷
খেলখনত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে কয় যে, এই প্ৰতিযোগিতাৰ জৰিয়তে 13 বছৰ অনুৰ্ধৰ খেলুৱৈ সকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি জিলা অথবা ৰাজ্যিক পৰ্যায়লৈ খেলুৱৈ সকলক নিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক : Shravan Sombar: ব’ল ব’ম উপলক্ষে হাতীমূৰাৰ দুৰ্গা দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত