ETV Bharat / state

কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত দুই গাঞ্জা ব্যৱসায়ী - বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং

সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ইয়াৰ মাজতে জিলাখনৰ অসম-পশ্চিম বংগ সীমান্তত জব্দ কৰা হৈছে বৃহৎ পৰিমানৰ গাঞ্জা ৷ লগতে আৰক্ষীৰ গুলীত আহত হৈছে দুই গাঞ্জা সৰবৰাহকাৰী ৷

কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত দুই গাঞ্জা ব্যৱসায়ী
কোকৰাঝাৰত আৰক্ষীৰ গুলীত দুই গাঞ্জা ব্যৱসায়ী আহত
author img

By

Published : Jul 10, 2021, 4:55 PM IST

Updated : Jul 11, 2021, 2:54 PM IST

কোকৰাঝাৰ, 10 জুলাই: গাঞ্জা ব্যৱসায়ী তথা সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে শুকুৰবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ কৰাৰ লগতে আৰক্ষীৰ গুলীত দুজনকৈ গাঞ্জা ব্যৱসায়ী আহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা অসম-পশ্চিম বংগৰ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত উত্তৰ প্ৰদেশৰ হাজিপুৰ অভিমুখী এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে 850 কেজি মণিপুৰী গাঞ্জা জব্দ কৰে ৷

কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত দুই গাঞ্জা ব্যৱসায়ী

উল্লেখ্য যে, আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় দুই গাঞ্জা ব্যৱসায়ী ক্ৰমে ৰহমতউল্লা খান আৰু ৰমেশ কুমাৰ । ঘটনা সন্দৰ্ভত শনিবাৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিটিআৰৰ আৰক্ষীৰ মহাপৰিদৰ্শক এল আৰ বিষ্ণৈ আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই এক সংবাদমেলৰ আয়োজন কৰে ৷

সংবাদমেলত শীৰ্ষ আৰক্ষী বিষয়া দুগৰাকীয়ে সদৰী কৰা মতে, NL 07 AA-0430 নম্বৰৰ ট্ৰাকখনেৰে বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল ৷ সেইমতে শুকুৰবাৰে নিশা অসম-পশ্চিম বংগৰ সীমান্তৰ শ্ৰীৰামপুৰত ট্ৰাকখনত তালাচী চলাই 79 টা পলিথিনৰ পেকেটত ভৰাই থোৱা অৱস্থাত 850 কেজি মণিপুৰী গাঞ্জা জব্দ কৰে ৷

two-ganja-smuggler-injured-in-police-firing-at-kokrajhar
কোকৰাঝাৰত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

উক্ত গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে দুই গাঞ্জা বেপাৰীক আটক কৰাৰ লগতে গাঞ্জা কঢ়িয়াই অনা ট্ৰাকখনো জব্দ কৰে ৷ আৰক্ষীয়ে গাঞ্জা বেপাৰী দুটাক সোধ-পোছ কৰোতে কোকৰাঝাৰ জিলাৰ বিছমুৰী এলেকাৰ আলেংগীত কিছু গাঞ্জা লুকুৱাই থোৱাৰ তথ্য সদৰী কৰে ৷ সেইমতে আৰক্ষীয়ে শুকুৰবাৰে মাজ নিশাই গাঞ্জা বেপাৰী দুটাক লৈ বিছমুৰীৰ আলেংগীত অভিযান চলায় ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, গাঞ্জা বেপাৰী দুজনে দেখাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে কেইবাটাও গাঞ্জাৰ পেকেট জব্দ কৰে ৷ কিন্তু আৰক্ষীৰ অভিযানকাৰী দলটোৱে জব্দকৃত গাঞ্জা খিনি গোটাই থকাৰ মাজতে গাঞ্জা বেপাৰী দুটাই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে । যাৰ বাবে আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত দুয়োটা গাঞ্জা ব্যৱসায়ী ক্ৰমে ৰহমতউল্লা খান আৰু ৰমেশ কুমাৰ আহত হয় ৷

আৰক্ষীৰ গুলীত আহত হোৱা গাঞ্জা বেপাৰী দুটাক প্ৰথমে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, জব্দকৃত মণিপুৰী গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় একৰ পৰা ডেৰ কোটি টকা হ'ব ৷ বিটিআৰৰ আৰক্ষীৰ মহাপৰিদৰ্শক এল আৰ বিষ্ণৈ আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই সদৰী কৰিছে এই কথা ৷

আনহাতে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এক টুইটৰ জড়িয়তে উদঙাইছে ৰাজ্যত ব্যাপক হাৰত অবৈধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত থকাৰ তথ্য ৷ সিঙে টুইটত দিয়া তথ্য অনুসৰি শেহতীয়াকৈ 10 মে’ 2021 ৰ পৰা 29 জুন 2021 লৈকে ৰাজ্যত 1,318,954,435,00 টকা মূল্যৰ অবৈধ নিচাজাতীয় সামগ্ৰী অসম আৰক্ষীয়ে জব্দ কৰিছে ৷

একেদৰে ৰাজ্যত এইদৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা বা ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে 723 টা গোচৰ ৰুজু কৰাৰ লগতে 1253 গৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰবলৈ সক্ষম হৈছে ৷ আনহাতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা নিচাজাতীয় সামগ্ৰী সমূহৰ তথ্যও জিপি সিঙে টুইটৰ জৰিয়তে দাঙি ধৰিছে ৷ সেই অনুসৰি, এই পৰ্যন্ত আৰক্ষীয়ে 16,728 কেজি হে’ৰইন জব্দ কৰিছে যাৰ বজাৰ মূল্য হ’ব প্ৰায় 334,559,800,00 টকা ৷

গাঞ্জা জব্দ কৰিছে 6859.216 কেজি যাৰ বজাৰ মূল্য হ’ব প্ৰায় 342,960,800,00 টকা ৷ জব্দ কৰা আফিঙৰ পৰিমাণ হৈছে 10,28027 কেজি যাৰ মূল্য হ’ব প্ৰায় 5,140,135,00 টকা ৷

লগতে পঢ়কঃ দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

Last Updated : Jul 11, 2021, 2:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.