ETV Bharat / state

কোকৰাঝাৰত বিজেপিক উদ্ধাৰৰ আখৰা দুই মন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 9:40 PM IST

কোকৰাঝাৰত বিজেপিৰ নিৰ্বাচনী ৰণডংকা ৷ কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিজেপিৰ বিশাল জনসভা আৰু মটৰচাইকেল যাত্ৰা মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱাৰ লগতে প্ৰমোদ বড়োও উপস্থিত থাকে এই সভাত ৷ বিজেপিৰ বিজয় নিশ্চিত কৰাৰ লক্ষ্যৰেই এইদৰে কোকৰাঝাৰত ৰণত নামি পৰা দেখা গ’ল দুই মন্ত্ৰীক ৷

BJP mass gathering in Kokrajhar
BJP mass gathering in Kokrajhar
কোকৰাঝাৰত বিজেপিক উদ্ধাৰৰ আখৰা অসম চৰকাৰৰ দুইমন্ত্ৰীৰ

কোকৰাঝাৰ ২৪ নৱেম্বৰ: কোকৰাঝাৰ বিজেপিৰ বিভিন্ন নেতা-কৰ্মীয়ে বিজেপি দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰাৰ সময়তে শুকুৰবাৰে বিজেপিয়ে কোকৰাঝাৰত দলৰ শক্তি প্ৰদৰ্শন কৰে । কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত বৃহৎ জনসভা অনুষ্ঠিত কৰি বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰে । বিজেপিৰ জনসভাত সমাবেশ ঘটে হেজাৰ হেজাৰ লোকৰ ৷

জনসভাত বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্তমল্ল বৰুৱাই অংশগ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এক প্ৰকাৰৰ নিৰ্বাচনী ৰণডংকা বজায় ৷ উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্তমল্ল বৰুৱাক বালাজান তিনি আলিৰ পৰা মটৰচাইকেলেৰে সমদল কৰি গ্ৰীণ ফিল্ডলৈ আদৰি আনে দলৰ কৰ্ম-কৰ্তাসকলে ।

বালাজান তিনিআলিৰ পৰা সভাথলীলৈ প্ৰায় ৭ কিলোমিটাৰ পথ মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্তমল্ল বৰুৱাই মটৰ চাইকেলেৰে যাত্ৰা কৰে । মন্ত্ৰীদ্বয় উপস্থিত হোৱাৰ পিছতে ভাৰত মাতা কি জয় ধ্বনিত সভাথলী মুখৰিত হৈ পৰে । ভাষণ প্ৰসংগত জয়ন্তমল্ল বৰুৱাই কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী বিপুল ভোটত জয়লাভ কৰিব ।

‘‘কোকৰাঝাৰত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জয়ী কৰোৱাই আমাৰ মূল লক্ষ্য । পূৰ্বতে অঞ্চলটোত বড়ো-অবড়োৰ সংঘাত হৈছিল ৷ এতিয়া শান্তি, উন্নতি আৰু বিকাশৰ কাম আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে আৰু এতিয়া চৌদিশে উন্নয়ন আৰু প্ৰগতি হৈছে ৷ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে স্বীকাৰ কৰাৰ বাবে ৰাইজ সাজু হৈছে ।’’ মন্ত্ৰী বৰুৱাই কয় ৷

আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত জয়ন্তমল্ল বৰুৱাই ইউপিপিএল, অগপ আৰু গণশক্তিৰ মাজত মিত্ৰতা অব্যাহত আছে আৰু এই মুহূৰ্তত বেলেগৰ লগত মিত্ৰতা কৰাৰ প্ৰশ্ন নুঠে বুলি কয় । নিৰ্বাচনত কোনোবাই সহায় কৰিব খুজিলে, প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে তাত বিজেপিৰ ক’ব লগা একো নাথাকে বুলি মন্তব্য কৰি বৰ্তমান বিজেপিয়ে মিত্ৰদলৰ সপক্ষে প্ৰচাৰ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই ।

আনহাতে সভাত উপস্থিত থকা মন্ত্ৰী পীযুষ হাজৰীকাই নিজ ভাষণত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেয়া আখৰে আখৰে ৰূপায়ণ কৰে । অসমত ২১ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল আৰু এতিয়া ২৭ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে ৷ অনাগত দুবছৰত আৰু ৭ লাখ মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়া হব বুলি মন্তব্য কৰি বিজেপিয়ে দুখীয়াক সহায় কৰি যাব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

তদুপৰি তেওঁ কয় যে এতিয়ালৈকে ৰাজ্যত ৮৭ হেজাৰ নিবনুৱাই এটকাও ঘোচ নিদিয়াকৈ চাকৰি লাভ কৰিছে ৷ বহুসংখ্যক দুখীয়া ঘৰৰ সন্তানে চাকৰি লাভ কৰিছে । পূৰ্বতে ধনৰ বিনিময়ত ধনী ঘৰৰ সন্তানে চাকৰি লাভ কৰিছিল । বিটিআৰৰ সৰ্বাংগন উন্নয়নৰ বাবে বিজেপি চৰকাৰে অনুদান দিছে ৷ বিটিআৰত নতুনকৈ গাঁও অন্তৰ্ভুক্তি কৰিছে ।

আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত পীযুষ হাজৰীকাই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ লক্ষ্য ১২ খন আসন দখল কৰা বুলি মন্তব্য কৰে । শেহতীয়াকৈ কোকৰাঝাৰত বিজেপিৰ কেইবাগৰাকী জিলা পৰ্যায়ৰ নেতাই দলত ত্যাগ কৰা সন্দৰ্ভত তেওঁ কয় যে আয়াৰাম-গয়াৰাম বিজেপিত আহিছে- গৈছে । তাত আমাৰ কব লগা একো নাই । বিপিএফ দল শক্তিহীন হ'ব আৰু বিটিআৰৰ দুয়োটা সমষ্টিতে এনডিএৰ প্ৰাৰ্থী জয়ী হ'ব ।

‘‘বিপিএফে বড়োলেণ্ড ধ্বংস কৰিলে, পূৰ্বতে পেডত কামৰ অৰ্ডাৰ দিছিল, টেণ্ডাৰ দিছিল’’ বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷ বিটিআৰৰ দুয়োটা সমষ্টিতে এনডিএৰ প্ৰাৰ্থী জয়ী হ'ব বুলি নিশ্চয়তা প্ৰকাশ কৰে পীযুষ হাজৰীকাই ৷

উল্লেখ্য যে আজিৰ বিশাল জনসভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক সুৰেন ফুকন, বিজয় মালাকাৰ, বিটিআৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰী, ৰনেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস, এমচিএলএ সজল সিংহ, ৰাজীৱ কুমাৰ ব্ৰহ্ম, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী , কেএচিৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়কে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

লগতে পঢ়ক: বিধানসভাৰ শীতকালীন অধিবেশনত বিলম্ব; চৰকাৰক ভয়াতুৰ বুলিছে বিধায়ক কমলাক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.