কোকৰাঝাৰ,19 আগষ্ট : অব্যাহত আছে ক’ভিড-19 ৰ ভয়াৱহতা ৷ কোকৰাঝাৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড-19ৰ গণ সংক্ৰমণে ৷ কেৱল সাধাৰণ লোকেই নহয়, ক’ভিড আক্ৰান্ত হৈছে দুগৰাকী অতিৰিক্ত উপায়ুক্ত ৷ আক্ৰান্ত দুয়োগৰাকী অতিৰিক্ত উপায়ুক্ত ক্ৰমে দেৱেশ্বৰ বৰা আৰু ভাস্কৰ দাসক চিকিৎসালয়ত ভৰ্তি ৷ ইতিমধ্যে পাঁচ দিনৰ বাবে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে কোকৰাঝাৰৰ উপায়ুক্তৰ কাৰ্যালয় ৷
লগতে পঢ়ক : ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে