ETV Bharat / state

Timber smuggler shot by foresters : ঝাৰবাৰীত বনকৰ্মীৰ গুলীত নিহত কাঠৰ চোৰাং সৰবৰাহকাৰী - চোৰাং কাঠ সৰবৰাহকাৰী

কোকৰাঝাৰৰ ঝাৰবাৰীত বনকৰ্মীৰ গুলীত নিহত কাঠৰ চোৰাং সৰবৰাহকাৰী ৷ ঘটনাস্থলীৰ পৰা কাঠৰ কুণ্ডাসহ ১৬ খন চাইকেল উদ্ধাৰ ৷ বনকৰ্মীৰ গুলীত কাঠৰ চোৰাং সৰবৰাহকাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি ঝাৰবাৰীত উত্তপ্ত পৰিস্থিতি ৷

Timber smuggler shot by foresters in Kokrajhar
ঝাৰবাৰীত উত্তপ্ত পৰিস্থিতি
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 10:51 AM IST

বনকৰ্মীৰ গুলীত নিহত চোৰাং কাঠ সৰবৰাহকাৰী

কোকৰাঝাৰ, ১৭ ছেপ্টেম্বৰ : দেওবাৰে পুৱতি নিশা কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ ঝাৰবাৰী এলেকাত সংঘটিত হৈছে এক অঘটন ৷ বনকৰ্মীৰ গুলীত নিহত হৈছে এটা কাঠৰ চোৰাং সৰবৰাহকাৰী ৷ বনকৰ্মীৰ গুলীত নিহত হোৱা চোৰাং কাঠ সৰবৰাহকাৰীটো হেমন্ত বসুমতাৰী (৪৫) বুলি চিনাক্ত কৰা হৈছে ৷ নিহত হেমন্ত বসুমতাৰীৰ ঘৰ কোকৰাঝাৰ জিলাৰে ছেৰফাংগুৰি থানাৰ অন্তৰ্গত গিয়ানপুৰ গাঁৱত ৷

উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা বন বিভাগৰ দলে ঝাৰবাৰী এলেকাত চলায় এভিযান ৷ এই অভিযানতে বনকৰ্মীৰ দলে চোৰাংভাৱে কাঠ লৈ অহা সৰবৰাহকাৰীৰ এটা দলক প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে কাঠ সৰবৰাহকাৰী এটা দলটোক ৰ’ৱলৈ নিৰ্দেশ দিয়ে ৷

Timber smuggler shot by foresters in Kokrajhar
ঝাৰবাৰীত উত্তপ্ত পৰিস্থিতি

কিন্তু বনকৰ্মীৰ নিৰ্দেশ মনা নাছিল চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৱে ৷ সেয়ে বনকৰ্মীৰ দলটোৱে চোৰাং কাঠ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ যাৰ ফলত গুলীবিদ্ধ হৈ হেমন্ত বসুমতাৰী নামৰ চোৰাং কাঠ সৰবৰাহকাৰীটোৰ মৃত্যু হয় ৷ আনহাতে, বিপৰীতে চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৰ বাকী সদস্যকেইটা পলাই যাবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা বনকৰ্মীৰ দলে চোৰাং কাঠৰ কুণ্ডাসহ ১৬ খন চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে বনকৰ্মীৰ গুলীত চোৰাং কাঠ সৰবৰাহকাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্থানীয় গঞা ৰাইজৰ অভিযোগ বনকৰ্মীক পইচা দি দীৰ্ঘদিন ধৰি দলটোৱে চোৰাং কাঠ সৰবৰাহ কৰি আছে ৷

চোৰাং কাঠৰ কুণ্ডাসহ ১৬ খন চাইকেল উদ্ধাৰ

ইফালে বনকৰ্মীয়ে হেমন্ত বসুমতাৰী নামৰ চোৰাং কাঠ সৰবৰাহকাৰীটোক গুলীয়াই হত্যা কৰা ঘটনাৰ ন্যায় বাচাৰি স্থানীয় ৰাইজে ঝাৰবাৰী ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত এক প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত শীৰ্ষ বিষয়াসহ কোকৰাঝাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : Anomaly in Road Construction : ফিল’বাৰীত পথ নিৰ্মাণত বিসংগতি; ক্ষোভিত স্থানীয় ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.