কোকৰাঝাৰ, ২১ এপ্ৰিল : ৰঙালী বিহুৰ উছাহ-আনন্দৰ মাজতে বৃহস্পতিবাৰৰ নিশা কোকৰাঝাৰ চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ বৰ্মনপাৰাত এক চুৰিকাণ্ড সংঘটিত হয় ৷ বৰ্মনপাৰৰ নিবাসী তথা বিপিন বিহাৰী এম ই স্কুলৰ শিক্ষক ফণী পণ্ডিতৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড (Kokrajhar theft incident) ৷ ঘৰৰ মূল্যবান সকলো বস্তু লৈ উধাও হয় চোৰ ৷
সংবাদ মাধ্যমৰ আগত ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়া অনুসৰি পুৱতি নিশা প্ৰায় চাৰিমান বজাত যেতিয়া সাৰ পাই উঠি কোঠাত থকা আলমাৰিৰ দুৱাৰ খোল খাই থকা দেখা পাই তেতিয়া পৰিয়ালটোৰ মাজত হুৱা-দুৱা লাগে ৷ কিন্তু তেতিয়ালৈ সকলো শেষ ৷ কিয়নো চোৰৰ দলটোৱে আলমাৰিৰ ভিতৰত থকা ১ লাখ ১০ হেজাৰ টকা, প্ৰায় ১৫ লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু তিনিটা মোবাইল ফোন ইতিমধ্যেই চুৰি কৰি পলাই যায় (theft incident happened in Kokrajhar) ৷
লগতে পঢ়ক : Heroine seized: ৰহাত হেৰ’ইনসহ দম্পতীক আটক
পুৱা সাৰ পাই উঠি শিক্ষক ফণী পণ্ডিতৰ কন্যাই আলমাৰিৰ দুৱাৰ খোল খাই থকা দেখা পাই পিতৃয়ে দুৱাৰ খুলিছে নেকি বুলি সোধোতেই সকলো কথা মুকলি হৈ পৰে ৷ আনহাতে চোৰৰ দলটোৱে নিচা জাতীয় স্প্ৰে ছটিয়াই চুৰি কাণ্ড সংঘটিত কৰে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ গোন্ধ পোৱাৰ লগতে তেওঁলোকৰ ঘৰত থকা দুই যমজ সন্তানে সেই সময়ত বমি কৰি আছিল বুলিও জানিবলৈ দিছে মাতৃয়ে ৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিছে ৷ ইপিনে ঘটনাৰ খবৰ পোৱাৰ পিছত শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত তাৎক্ষণিক তদন্ত আৰম্ভ কৰি চোৰৰ দলটোৰ সঞ্জিত মণ্ডল (৪০) আৰু দুলাল মণ্ডল (৫০) নামৰ দুজনক আটক কৰাৰ লগতে তিনিটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Mysterious death: নগাঁৱৰ হনুমান মন্দিৰৰ বাৰাণ্ডাত মৃতদেহ উদ্ধাৰ