কোকৰাঝাৰ ২৬ ফেব্ৰুৱাৰী: ২০১৯ চনত উত্তীৰ্ণ বিটিআৰ এলেকাৰ টেট শিক্ষকসকলক নিযুক্তি প্ৰদানৰ দাবীত বৃৃৃৃহস্পতিবাৰে বঞ্চিত শিক্ষকসকলে কোকৰাঝাৰত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ বিটিআৰ টেট উৰ্ত্তীৰ্ণ শিক্ষক সন্থাৰ উদ্যোগত কোকৰাঝাৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটৱৰ্তী শিশু উদ্যানৰ সমীপত ৰূপায়ণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী ৷ ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সদৌ বিটিআৰ প্ৰাথমিক টেট শিক্ষক সন্থাৰ সভাপতি সুদান বৰ্মন আৰু সাধাৰণ সম্পাদক অঞ্চাই বসুমতাৰীয়ে ৷
ইপিনে অৱস্থান ধৰ্ণা কাৰ্যসূচী চলি থকাৰ মাজতে সদৌ বিটিএডি প্ৰাইমাৰী এটেট শিক্ষক সন্থাৰ সভাপতি সুদান বৰ্মনে চৰকাৰৰ ভূমিকাক সমালোচনা কৰি সাংবাদমাধ্যমৰ আগত কয় যে, ২০১৯ চনত উত্তীৰ্ণ টেট শিক্ষকসকলক অসমৰ বাকী জিলাসমূহত তিনি চাৰিবাৰকৈ নিযুক্তি দিয়া প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে ৷ কিন্তু পৰিতাপৰ বিষয় যে, বিটিআৰত সেইসকল টেট শিক্ষকক নিযুক্তিৰ বাবে এবাৰো বিজ্ঞাপন দিয়া হোৱা নাই ৷ যাৰবাবে বৃহস্পতিবাৰে শিক্ষক সমাজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে ৷
বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই টেট শিক্ষকসকলক এমাহৰ ভিতৰত নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু সেয়া আজিকোপতি বাস্তৱায়িত নহল বুলি মন্তব্য কৰি বৰ্মনে বৰ্তমানো প্ৰায় ডেৰ সহস্ৰাধিক টেট শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে বুলি আক্ষেপ প্ৰকাশ কৰে ৷ বিটিআৰৰ টেট শিক্ষকসকলক অনতি পলমে নিযুক্তি প্ৰদান কৰক অন্যথা গুলীয়াই মাৰক বুলিও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সন্থাৰ সভাপতি গৰাকীয়ে ৷ উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত সদৌ বিটিএডি প্ৰাইমাৰী টেট শিক্ষক সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈ দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:ধুবুৰীত বোমা সহ এজনক গ্ৰেপ্তাৰ