ETV Bharat / state

কোকৰাঝাৰত উদ্বেগজনক ভাৱে বৃদ্ধি কৰ'ণাক্ৰান্তৰ সংখ্যা - কোকৰাঝাৰত গণ সংক্ৰমণৰ আশংকা

নতুনকৈ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষিত হয় কোকৰাঝাৰৰ এল আই চি কাৰ্যালয় ৷ ইফালে আৰক্ষী অধীক্ষকৰ বাসভৱনতো ধৰা পৰিছে ১৫ জনকৈ কৰ'ণা পজিটিভ ৷

tension create at Kokrajhar district because of covid-19
কোকৰাঝাৰত উদ্বেগজনক ভাৱে বৃদ্ধি কৰ'ণাক্ৰান্তৰ সংখ্যা
author img

By

Published : Aug 3, 2020, 8:04 PM IST

কোকৰাঝাৰ,3 আগষ্টঃ কোকৰাঝাৰত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ'ণাক্ৰান্তৰ সংখ্যা । আক্ৰান্ত লোকৰ প্ৰায় সংখ্যকৰে নাই কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী । গণ সংক্ৰমণৰ আশংকাত আতংকিত কোকৰাঝাৰ চহৰ । ইতিমধ্যে শান্তিনগৰ, গৌৰনগৰ , ৰবীন্দ্ৰ নগৰৰ পিছত কন্টেনমেন জ'ন হিচাপে ঘোষণা কৰা হৈছে কোকৰাঝাৰ চহৰৰ এল আই চি কাৰ্যালয় । কাৰ্যালয়টোৰ পৰিচালক সহ বিষয়াগৰাকীৰ পজিটিভ পোৱাৰ পিছতে কাৰ্যালয়টো কনটেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

কোকৰাঝাৰত উদ্বেগজনক ভাৱে বৃদ্ধি কৰ'ণাক্ৰান্তৰ সংখ্যা

জিলা উপায়ুক্ত ভাস্কৰ ফুকনে দিয়া শেহতীয়া তথ্য মতে জিলাখনত বৰ্তমান COVID আক্ৰান্তৰ সংখ্যা মুঠ ৬১২ জন ৷ তাৰ মাজতে আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ বাসভৱনত পোন্ধৰ গৰাকী দেহৰক্ষী জোৱানৰ দেহত কৰ'ণা সংক্ৰমণ হোৱাৰ খবৰটোৱে আতংকিত কৰি তুলিছে অঞ্চলবাসীক ।ইতিমধ্যে কৰ'ণাত আক্ৰান্ত হৈ জিলাখনৰ দুজন মৃত্যু মুখত পৰিছে আৰু এশ পঞ্চাশতকৈও অধিক কৰ'ণা ৰোগী চিকিৎসাধীন হৈ আছে।

লগতে পঢ়কঃবাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা পৰিল গেলেকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.