কোকৰাঝাৰব ১৮ ফেব্ৰুৱাৰী: শেহতীয়াকৈ বিটিআৰ পৰিষদীয় চৰকাৰে প্ৰদান কৰা শিক্ষক নিযুক্তি আৰু বিদ্যালয় প্ৰাদেশীকৰণৰ পৰা বহুসংখ্যক শিক্ষক আৰু বিদ্যালয় বঞ্চিত তথা বাদ পৰাৰ বিষয়টোক লৈ বৃহস্পতিবাৰে বিটিআৰ অপ্ৰাদেশীকৃত এল.পি আৰু এম.ই শিক্ষক সন্থাৰ এক সভা কোকৰাঝাৰত অনুষ্ঠিত হয় ৷ কোকৰাঝাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সভাত বিটিআৰৰ চাৰিও খন জিলাৰ বিভিন প্ৰান্তৰ পৰা অহা সন্থাৰ শতাধিক সদস্য তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ সভাৰ জৰিয়তে সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহীক আগন্তুক বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত এল.পি আৰু এম.ই বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ দাবী জনায় ।

সভাৰ অন্তত কোকৰাঝাৰ প্ৰেছ ক্লাবত আয়োজিত হোৱা এক সংবাদমেলত সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডল, সাধাৰণ সম্পাদক হিৰণ ৰায় আৰু সন্থাৰ মুখপাত্ৰ নুৰ জামালে বিটিআৰৰ অন্তৰ্গত ২০০৬ চনৰ পূৰ্বে স্থাপিত আৰু অনুমতি প্ৰাপ্ত কিন্তু ২০০৬ চনৰ পিছত স্বীকৃতি লাভ কৰা বিদ্যালয় সমূহ সামান্য সংশোধন কৰি প্ৰাদেশিকৰণ আইনৰ আঁওতাত আনি বিদ্যালয় সমূহ প্ৰাদেশিকৰণ কৰাৰ দাবী জনায় । তদুপৰি বিটিআৰ অঞ্চলত থকা ছোৱালী মাধ্যমৰ বিদ্যালয় সমূহৰ দূৰত্বৰ চৰ্ত আঁওতাৰ বাহিৰত ৰাখি প্ৰাদেশিকৰণৰ দাবী জনায় ৷

একেদৰে বিটিআৰ অঞ্চলত এতিয়ালৈকে ডাইচকোড প্ৰাপ্ত সকলো বিদ্যালয়কে চলিত বিত্তীয় বৰ্ষতেই প্ৰাদেশিকৰণৰ দাবী উত্থাপন কৰে সন্থাৰ সভাপতি, সম্পাদক আৰু মুুখপাত্ৰ গৰাকীয়ে। আনহাতে ডাইছকোড থকা আৰু অসম চৰকাৰৰ বিত্তীয় সাহাৰ্য লাভ কৰা বিদ্যালয় সমূহত কৰ্মৰত শিক্ষকসকলক বিনাচৰ্তে টিউটৰৰ পৰিবৰ্তে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে মৰ্যদা দিয়াৰ দাবী উত্থাপন কৰি এল.পি আৰু এম.ই মাদ্ৰাছা বিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া দূৰত্বৰ চৰ্ত শিথিল কৰি বিনাচৰ্তে প্ৰাদেশিকৰণৰ দাবী উত্থাপন কৰিছে । তদুপৰি ছাত্ৰ শিক্ষকৰ অনুপাত পুণৰ বিবেচনাৰ আহ্বান জনাই বিনাবেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সদৌ বিটিআৰ অপ্ৰাদেশিকীকৃত এলপি আৰু এমই শিক্ষক সন্থাৰ নেতৃত্বই ৷
লগতে পঢ়ক: ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ