ETV Bharat / state

বিটিআৰৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত ল'লে কাতিৰাম বড়োৱে

author img

By

Published : Dec 18, 2020, 10:14 PM IST

শুকুৰবাৰে কাতিৰাম বড়োৱে প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে ৷ ইয়াৰোপৰি আন 4 গৰাকীকৈ নিৰ্বাচিত সদস্যই কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ একেটা দিনতেই ৷ ইয়াৰ লগে লগে বিটিচিত কাৰ্যবাহী সদস্যৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি পায় ৷

বিটিআৰৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত ল'লে কাতিৰাম বড়োৱে
বিটিআৰৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত ল'লে কাতিৰাম বড়োৱে

কোকৰাঝাৰ, ১৮ ডিচেম্বৰ : বাগানপাৰা পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএলৰ কাতিৰাম বড়োৱে শুকুৰবাৰে বিটিআৰৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে ৷ ইয়াৰ সমান্তৰালভাৱে বিটিআৰৰ কাৰ্যবাহী সদস্য হিচাপে মনোনীত হোৱা তথা ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ অৰূপ কুমাৰ দে’, ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ ৰণেন্দ্ৰ নাৰ্জাৰী, ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থী ৰঞ্জিত কুমাৰ বসুমতাৰী ওৰফে বি আৰ ফেৰেংগা আৰু ৬ নং কচুগাঁও সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএলৰ উকিল মুছাহাৰীয়ে একেটা দিনতে বিটিচিৰ বিধান পৰিষদীয় ভৱনত কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে ৷

নামনি অসমৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদে বিটিআৰৰ প্ৰটেম অধ্যক্ষ আৰু কাৰ্যবাহী সদস্যকেইগৰাকীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীকে আদি কৰি বহুকেইগৰাকী লোকৰ উপস্থিতিত বিটিচিৰ বিধান পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, শুকুৰবাৰে চাৰিগৰাকী নিৰ্বাচিত সদস্যই কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰাত বিটিচিত কাৰ্যবাহী সদস্যৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি হয় ৷

লগতে পঢ়ক: পলাশবাৰীত গঠন হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.