ETV Bharat / state

বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন - সনম ৱাংচুক

সোনম ৱাংচুক দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বিটিআৰত উপস্থিত হৈছে ৷ বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত উপস্থিত হোৱা পিচতে ৱাংচুকে বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷

Sunam Wangchuk Interaction Meeting
বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন
author img

By

Published : Jan 29, 2021, 10:07 PM IST

কোকৰাঝাৰ ২৯ জানুৱাৰী : কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী, অভিযন্তা সোনম ৱাংচুক দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বিটিআৰত উপস্থিত হৈছে ৷

Sunam Wangchuk Interaction Meeting
বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত উপস্থিত হোৱা পিচতে ৱাংচুকে বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷

বিটিআৰৰ সচিব প্ৰধান সিদ্বাৰ্থ সিঙৰ সঞ্চালনত অনুষ্ঠিত বৈঠকখনত ৱাংচুকে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰৱক্তা, চিআইটিৰ প্ৰৱক্তাৰ উপৰিও বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া, কৰ্মচাৰী আৰু বেচৰকাৰী সংস্থাৰ বিষয়-ববীয়াৰে মত বিনিময় কৰে ৷

মত বিনিময় অনুষ্ঠানৰ অন্তত সাংবাদিকৰ আগত ৱাংচুকে বিটিআৰ ভ্ৰমণ সন্দৰ্ভত কয়, ভাৰতৰ ষষ্ঠ অনুসূচীৰ আধাৰত গঠিত বিটিআৰৰ পৰা পৰিষদীয় অঞ্চলৰ ৰাইজে কেনে ধৰণৰ সুযোগ-সুবিধা লাভ কৰিছে নাইবা কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই সম্পৰ্কে জানিবৰ বাবে বিটিআৰলৈ আহিছে ৷

ইফালে, বিটিআৰ সচিবালয়ত পৰিষদীয় প্ৰশাসনৰ উপৰিও বিভিন্ন দল-সংগঠনে সোনম ৱাংচুকক বড়ো সকলৰ পৰম্পৰাগত আৰ’ণাই, ফুলৰ থুপা আৰু বাদ্যযন্ত্ৰ ছেৰজাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

উল্লেখ্য যে সোনম ৱাংচুকৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত '3 idiots' নামৰ জনপ্ৰিয় বলিউড ছবিখনত শক্তিশালী অভিনয়ে কৰিআমিৰ খানে দৰ্শক সমাজৰ পৰা বিপুল সহাঁৰি লাভ কৰিছিল ৷

লগতে পঢ়ক: পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.