ETV Bharat / state

Students protest in Bodoland University: চূড়ান্ত পৰীক্ষাৰ ফলাফলকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ - ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাষিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিকলৈ উত্তাল হৈ পৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয় । বৃহস্পতিবাৰে হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদত নামি পৰে ছাত্ৰ-ছাত্ৰী (Students protest in Bodoland University) ৷

Students protest against Bodoland University
চূড়ান্ত পৰীক্ষাৰ ফলাফলকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
author img

By

Published : Nov 3, 2022, 9:47 PM IST

কোকৰাঝাৰ, ৩ নৱেম্বৰ: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিকলৈ উত্তাল হৈ পৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয় । তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ ছাত্ৰীসকলে বৃহস্পতিবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত চৌহদত ব্যাপক ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে (Students protest against Bodoland University) ।

উল্লেখযোগ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাত এইবেলি ১২ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ এই 12 হাজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত কেৱল মাত্ৰ ৩ হাজাৰ পৰীক্ষাৰ্থীহে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷ ইয়াৰ পিছতে এই ফলাফলক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ইয়াৰ পিছতেই বিটিআৰ এলেকাৰ বহুসংখ্যক কলেজৰ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফল ঘোষণাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদত নামি পৰে (Students protest in Bodoland University) ৷ এই প্ৰতিবাদৰ জৰিয়তে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলক ন্যায় দিবলৈ বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰতি আহ্বান জনাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু নিয়ন্ত্ৰকক বৰ্খাস্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভত উত্তাল হৈ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক মোতায়েন কৰা হয় ৷ আনহাতে, বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে শীঘ্ৰে সমস্যাটো সমাধান কৰা হ’ব আৰু পদ্ধতি সলনি কৰি উত্তীৰ্ণৰ হাৰ বঢ়োৱা হ'ব বুলি মন্তব্য কৰে ।

তাৎপৰ্যপূৰ্ণভাৱে অহা ১০ দিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান নহ’লে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ গুচি যোৱাৰ ভাবুকি প্ৰদান কৰিছে কিছু সংখ্যক কলেজৰ অধ্যক্ষই ।

চূড়ান্ত পৰীক্ষাৰ ফলাফলকলৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ইয়াৰ মাজতে, বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ দাবীত বুধবাৰে নিশালৈকে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জানিব পৰা মতে বুধবাৰে অৰ্থাৎ ২ নৱেম্বৰত আছিল কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ ইপিনে ৫ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Kayakuchi College Students Union Election) ৷ ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিল কৰে ৷

কিন্তু কি নিয়মৰ আধাৰত মনোনয়ন দাখিলৰ সময়সীমা পাৰ হৈ যোৱাৰ পাছত মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্বাচন বাতিল কৰিলে তাক লৈ সৰৱ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷

লগতে পঢ়ক: Kayakuchi College Students Union Election: ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.