ETV Bharat / state

Protest against principal: অপসাৰণ হ’ব নেকি অধ্যক্ষা লাৰলী ব্ৰহ্ম !

author img

By

Published : Dec 13, 2022, 9:37 PM IST

ড৹ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ অচলাৱস্থাৰ অন্ত ৷ এদিনৰ অন্তত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে স্থগিত ৰাখিলে ধৰ্ণা কাৰ্যসূচী (Protest against principal Larli Brahma)৷ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানি বিটিআৰ প্ৰশাসনৰ ধনাত্মক সিদ্ধান্ত প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলক ৷

Student protest at Dr Shobha Brahma College of Music and Fine arts
Protest against principal Larli Brahma: অপসাৰণ হ’ব নেকি অধ্যক্ষা লাৰলী ব্ৰহ্ম!
অপসাৰণ হ’ব নেকি অধ্যক্ষা লাৰলী ব্ৰহ্ম !

কোকৰাঝাৰ, ১৩ ডিচেম্বৰ: কোকৰাঝাৰ চহৰৰ হাব্ৰুবাৰীস্থিত ড৹ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত (Dr Shobha Brahma College of Music and Fine arts ) সোমবাৰৰ পৰা অব্যাহত আছে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ অৱশেষত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সেও মানি বিটিআৰ প্ৰশাসনে ধনাত্মক সিদ্ধান্তৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী স্থগিত ৰাখে (Protest against principal Larli Brahma) ।

বিটিআৰৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব নৰেন চন্দ্ৰ বসুমতাৰীৰ (Principal Secretary in charge of BTR Naren Chandra Basumatary)নেৰ্তৃত্বত বিটিআৰ প্ৰশাসনৰ উচ্চস্তৰীয় দল মঙলবাৰে বিয়লী সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত উপস্থিত হয় । দলটোৱে মহাবিদ্যালয়খনৰ প্ৰকৃত অৱস্থাৰ বুজ লয় । মহাবিদ্যালয়ৰ হোষ্টেল, শ্ৰেণীকোঠা পৰিদৰ্শন কৰে উচ্চস্তৰীয় দলটিয়ে ৷ ইয়াৰ পাছতে দলটোৱে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে (Naren Chandra Basumatary discussion with students) ৷

আলোচনাত বিটিআৰৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব নৰেন চন্দ্ৰ বসুমতাৰীয়ে বিষয়টো বিটিআৰ প্ৰধান প্ৰমোদ বড়োক (BTR Chief Pramod Bodo) অৱগত কৰা হৈছে বুলি সদৰী কৰি কয় যে মহাবিদ্যালয়খন বিভিন্ন সমস্যাৰে জৰ্জৰিত, আন্তঃগাঁথনিৰ সমস্যা, হোষ্টেলৰ জৰাজীৰ্ন অৱস্থা ৷ ইয়াৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলে ইয়াত থাকি পঢ়া-শুনা কৰি আছে ৷ মহাবিদ্যালয়খনৰ সকলোবোৰ দিশ সামৰি চাই বিটিচিৰ ফালৰ পৰা 50 লাখ টকা এককালীন সাহাৰ্য হিচাপে আৱণ্টন দিছে ৷ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষাৰ অপসৰণৰ দাবীসহ আন সমস্যা সমাধান সন্দৰ্ভত আজি নিশাৰ ভিতৰতে ধনাত্মক সিদ্ধান্ত গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলক (Student Protest against principal Larli Brahma)৷

উল্লেখ্য যে মহাবিদ্যালয়খনৰ অধ্যক্ষা লাৰলী ব্ৰহ্মৰ ( principal Larli Brahma) মইমতালি আৰু খাম-খেয়ালীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে ৷ সোমবাৰে অধ্যক্ষাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি ছাত্ৰ-ছাত্ৰীৰয়ে অধ্যক্ষাগৰাকীক অপসাৰণৰ দাবী উত্থাপন কৰিছিল ৷ আনকি প্ৰতিবাদী কাৰ্যসূচীৰ অব্যাহত থকাৰ সময়ছোৱাত অধ্যক্ষা সহ মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল ৷

উল্লেখ্য যে ড৹ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মূল দাবী হৈছে মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীক অপসাৰণ কৰা ৷ সেই অনুসৰি আগন্তুক দিনত মহাবিদ্যালয়খনৰ অধ্যাক্ষাগৰাকীক অধ্যক্ষ পদৰপৰা অপসাৰণ কৰাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক: Akhil Gogoi letter: লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন প্ৰসংগত মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি চিঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.