ETV Bharat / state

Complain against ABMSU leaders: এইবাৰ এবিএমছুৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

author img

By

Published : Oct 28, 2022, 10:44 PM IST

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে গুণ্ডাগিৰিৰ অভিযোগ(ABMSU leaders involved in moral policing) ৷ মোবাইল চুৰিৰ সন্দেহত ই-ৰিস্কা চালকক এবিএমছুৰ ছালাকাটি আঞ্চলিক কাৰ্যালয়লৈ নি বাঁহেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে ৷ ছালাকাটি উপ-আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ ৷

ABMSU leaders invovled in moral policing
এইবাৰ এবিএমছুৰ বিৰুদ্ধে উত্থাপন গুণ্ডাগিৰিৰ অভিযোগ

কোকৰাঝাৰ, ২৮ অক্টোবৰ: এইবাৰ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ(All BTC Minority students' Union) বিৰুদ্ধে উত্থাপিত হৈছে গুণ্ডাগিৰি কৰাৰ গুৰুতৰ অভিযোগ(ABMSU leaders invovled in moral policing ) ৷ কোকৰাঝাৰ জিলাৰ ছালাকাটিত এগৰাকী ই-ৰিস্কা চালকক মোবাইল চুৰি কৰাৰ সন্দেহত এবিএমছুৰ ছালাকাটি আঞ্চলিক কাৰ্যালয়লৈ নি বাঁহৰ বেটেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে ৷

গুৰুতৰভাৱে আহত ই-ৰিক্সা চালকজন ছালাকাটি আনছাৰীপাৰাৰ বাসিন্দা ছান্দ আলী(৩০) সম্প্ৰতি কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত(RNB Civil Hospital, Kokrajhar) চিকিৎসাধীন হৈ আছে ৷ বিগত ২৬ অক্টোবৰত সংঘটিত হৈছিল উক্ত প্ৰহাৰৰ ঘটনাটো ৷ এই সন্দৰ্ভত শুকুৰবাৰে কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত প্ৰহাৰৰ বলি হোৱা ছান্দ আলীৰ লগতে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰে সমগ্ৰ তথ্য ৷

ছান্দ আলী আৰু পৰিয়ালে অভিযোগ কৰা মতে, ঘটনাৰ সৈতে এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলীৰ উপৰিও জামাল আলী আৰু ৰফিক আলী নামৰ আন দুজন লোক জড়িত আছে ৷ মইনুদ্দিন আৰু জামালৰ নিৰ্দেশতে ৰফিকে ই-ৰিক্সা চালক ছান্দ আলীক প্ৰহাৰ কৰিছিল বুলি ভুক্তভোগী পৰিয়ালৰ লোকে অভিযোগ কৰে(E rickshaw driver allege harassment by ABMSU) ৷

এবিএমছু নেতৃবৃন্দই দুই লাখ টকা জৰিমনা দিব লাগিব বুলি দাবী কৰা বুলিও এবিএমছুৰ নেতৃবৃন্দৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে(ABMSU leader demanding money) ৷ ছান্দ আলীৰ পৰিয়ালৰ পৰা এই সন্দৰ্ভত লিখিতভাৱে স্বাক্ষৰ সংগ্ৰহ কৰাৰ পিছতহে ঘৰলৈ আহিবলৈ দিয়া হয় বুলি ছান্দ আলীৰ পৰিয়ালৰ লোকসকলে জানিবলৈ দিয়ে ৷

ছান্দ আলীৰ পৰিয়ালে সদৰী কৰা অনুসৰি, তেওঁলোকে এই প্ৰহাৰৰ ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে ছালাকাটি উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এজাহাৰ দিয়াৰ পিছতো ছালাকাটি আৰক্ষীয়ে আজিলৈকে অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ছান্দ আলীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: বোকাজানত উত্তপ্ত পৰিস্থিতি: ব্যৱসায়ী আৰু কৰ সংগ্ৰহ বিষয়াৰ মাজত হতাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.