ETV Bharat / state

অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল ছাত্ৰীৰ

ধন লোৱাৰ অভিযোগত ডিংডিঙাস্থিত গুৰুকুল আদৰ্শ বিদ্যালয়ৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ কমল ৰায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ছাত্ৰীগৰাকীয়ে

author img

By

Published : Aug 27, 2019, 7:12 AM IST

অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল ছাত্ৰীৰ

গোসাইগাঁও, 27 আগষ্টঃ কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৰ ডিংডিঙা গাঁৱত অধ্যক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু ছাত্ৰীৰ ৷ ধন লোৱাৰ অভিযোগত ডিংডিঙাস্থিত গুৰুকুল আদৰ্শ বিদ্যালয়ৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ কমল ৰায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ছাত্ৰী গৰাকীয়ে ৷ প্ৰৱেশিকা পৰীক্ষাত বিভিন্ন ধৰণৰ সহায় কৰি দিয়া নামত ছাত্ৰী গৰাকীৰ পৰা 7000 টকা লোৱাৰ অভিযোগ উত্থাপন ৷ কিন্তু ধন লোৱাৰ পাচতো পৰীক্ষাত কোনো ধৰণৰ সহায় নকৰে অধ্যক্ষ গৰাকীয়ে ৷ যাৰ বাবে টকা ঘূৰাই বিচাৰে ছাত্ৰী গৰাকীয়ে ৷ কিন্তু টকা ঘূৰাই দিম বুলি কৈ ঘূৰাই নিদিয়াত অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ছাত্ৰী গৰাকীয়ে ৷

অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল ছাত্ৰীৰ

গোসাইগাঁও, 27 আগষ্টঃ কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৰ ডিংডিঙা গাঁৱত অধ্যক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু ছাত্ৰীৰ ৷ ধন লোৱাৰ অভিযোগত ডিংডিঙাস্থিত গুৰুকুল আদৰ্শ বিদ্যালয়ৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ কমল ৰায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ছাত্ৰী গৰাকীয়ে ৷ প্ৰৱেশিকা পৰীক্ষাত বিভিন্ন ধৰণৰ সহায় কৰি দিয়া নামত ছাত্ৰী গৰাকীৰ পৰা 7000 টকা লোৱাৰ অভিযোগ উত্থাপন ৷ কিন্তু ধন লোৱাৰ পাচতো পৰীক্ষাত কোনো ধৰণৰ সহায় নকৰে অধ্যক্ষ গৰাকীয়ে ৷ যাৰ বাবে টকা ঘূৰাই বিচাৰে ছাত্ৰী গৰাকীয়ে ৷ কিন্তু টকা ঘূৰাই দিম বুলি কৈ ঘূৰাই নিদিয়াত অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ছাত্ৰী গৰাকীয়ে ৷

অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল ছাত্ৰীৰ
Intro:গোসাইগাঁওৰ ডিংডিঙাৰ গুৰুকুল আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে থানাত গোচৰ ছাত্ৰীৰঃ

গোসাইগাওঁ 26 আগষ্টঃসদ্য সমাপ্ত সংস্কৃতৰ প্ৰৱেশিকা পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থীয়ে সংস্কৃত টোলৰ অধ্যক্ষ এগৰাকীৰ বিৰুদ্ধে থানাত গোচৰ দিয়াৰ ঘটনাই অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰ- ধুবুৰী জিলাৰ সীমান্তৰ ডিংডিঙা গাঁৱত। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰৰ বাসিন্দা প্ৰয়াত কমলেশ্বৰ সাউৰ কন্যা তথা স্বামীহাৰা যুৱতী ৰীতা সাউয়ে যোৱা ২০ আগষ্টত তামাৰহাট থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে ৰীতাই প্ৰৱেশিকা পৰীক্ষা দিবলৈ ডিংডিঙাস্হিত গুৰুকুল আদৰ্শ বিদ্যালয়ৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ কমল ৰায়ৰ সৈতে যোগাযোগ কৰাত কমল ৰায়ে পৰীক্ষাত বিভিন্নভাৱে সহায় কৰি উত্তীৰ্ণ কৰাই দিব বুলি কয় আৰু তাৰ বাবে ৰীতাৰ পৰা ৭০০০ টকা লয়। কিন্তু পৰীক্ষাৰ সময়ত প্ৰতিশ্ৰুতি মতে কাম কৰিব নোৱাৰাত বিধবা যুৱতী গৰাকীক সাত হেজাৰ টকাৰ পৰা ছয় হেজাৰ টকা ঘুৰাই দিব বুলি কমল ৰায়ে প্ৰতিশ্ৰুতি দিয়ে।পৰীক্ষা শেষ হোৱাৰ পাছত উক্ত টকা বিচাৰি অসহায়া ৰীতা সাউ নামৰ বিধৱা যুৱতী গৰাকীয়ে কেবাবাৰো কমল ৰায়ক ফোন কৰি অনুনয় বিনয় কৰে। কিন্তু কমল ৰায় তেওঁৰ অনুৰোধত কাণ নিদিয়াত যুৱতী গৰাকীয়ে কিছুদিন পূৰ্বে সেইখন গাঁৱৰ গাঁওবুঢ়াক বিষয়টো অৱগত কৰে।অসহায়া যুৱতী গৰাকীৰ পৰিস্হিতি দেখি গাঁওবুঢ়াৰ পত্নীয়ে ৰীতাক লগত লৈ কমল ৰায়ৰ ঘৰত যায় যদিও সেইদিনা কমল ৰায় ঘৰত উপস্হিত নথকাত সমগ্ৰ বিষয়টো পৰিয়ালৰ লোকক অৱগত কৰে। সকলো শুনি কমল ৰায়ৰ বৃদ্ধ পিতৃয়ে যুৱতী গৰাকীৰ প্ৰাপ্য টকা কমলে নিদিলে তেওঁ নিজে ঘুৰাই দিব বুলি আশ্বাস প্ৰদান কৰাত ৰীতাই সেইদিনা ঘুৰি আহে।পাছত কমল ৰায়ৰ পিতৃৰ আশ্বাস মতে যোৱা ২০ আগষ্টত যুৱতী গৰাকীয়ে কমল ৰায়ৰ গৃহত উপস্হিত হয়। যুৱতী গৰাকীক দেখি কমল ৰায়ৰ পত্নীয়ে ঘৰৰ পৰা ওলাই আহি কোনো কথাৰ অৱতাৰনা নকৰি যুৱতী গৰাকীৰ সৈতে দূৰ্ব্যৱহাৰ কৰিবলৈ ধৰাত যুৱতী গৰাকীয়ে তেওঁৰ পাওনা টকা বিচাৰি অহা বুলি জনোৱাৰ লগে লগে কিহৰ টকা কোনে দিব টকা আদি কটূ বাক্য কৈ যুৱতী গৰাকীক ঠেলি-হেঁচি ঘৰৰ পৰা বাহিৰ কৰি দিবলৈ ধৰাত এক হুলস্হুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘৰৰ পৰা তেতিয়া কমল ৰায়ৰ মাতৃ আৰু ভগ্নীয়ে ওলাই আহি তিনিওজনে মিলি যুৱতী গৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰি আহত কৰাৰ লগতে যুৱতী গৰাকীৰ হাতত থকা মোনা এটা কাঢ়ি লয়।সেইখন মোনাত যুৱতী গৰাকীৰ ম'বাইল ফোন আৰু নগদ দুই হেজাৰ টকা থকা বুলিও এজাহাৰখনত উল্লেখ।ৰীতা সাউ নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে এনে আক্ৰমনত হতভম্ব হৈ পৰি ওচৰ চুবুৰীয়াৰ কাষ চাপি সহায় বিচাৰে। Body: কোনোমতে মেছপাৰাৰ পৰা তামাৰহাট থানালৈ আহি নিৰ্যাতিতা যুৱতী গৰাকীয়ে কমল ৰায় আৰু তেওঁৰ পত্নী ৰুক্সিনী ৰায়, মাতৃ বিনোদিনী ৰায় আৰু ভগ্নী অনামিকা ৰায়ৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ে। তামাৰহাট থানাৰ আৰক্ষীয়ে এজাহাৰ লাভ কৰি ২৩৪/১৯ নম্বৰ গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধিৰ ৪০৬/৩২৫/৩৫৪/৩৭৯/৩৪ ধাৰা প্ৰয়োগ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। Conclusion:ইপিনে কমল ৰায়ৰ পত্নী-মাতৃ আৰু ভগ্নীৰ হাতত শাৰীৰিকভাৱে অপদস্হ হৈ থানাত গোচৰ তৰাৰ পাছত কমল ৰায়েও যুৱতী গৰাকীৰ বিৰুদ্ধে একাধিক অভিযোগ আনি একেখন থানাত এখন গোচৰ তৰে। উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।

বিশ্বজিৎ চৌধুৰী, গোসাইগাওঁ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.