ETV Bharat / state

গৌৰাংভেলী কাণ্ড : তদন্ত আৰম্ভ কৰিলে আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে

সোমবাৰে তদন্তৰ বাবে গৌৰাংভেলী হোটেলত উপস্থিত হয় নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰম ৷ যোৱা 10 ছেপ্টেম্বৰত গৌৰাংভেলী হোটেলত কাজিয়াত লিপ্ত হৈছিল কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু দণ্ডাধীশ শৈলেন দাস ৷ এই ঘটনাৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী সোণোৱালে তদন্তৰ দায়িত্ব অৰ্পন কৰে মিনাক্ষী সুন্দৰমক ৷ তদন্তৰ খাতিৰতে গৌৰাংভেলী হোটেলৰ ঘটনাস্থলী পৰিদৰ্শন কৰে মিনাক্ষী সুন্দৰমে ৷

তদন্ত আৰম্ভ কৰিলে আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে
author img

By

Published : Sep 23, 2019, 8:18 PM IST

কোকৰাঝাৰ, ছেপ্টেম্বৰ 23 : তদন্ত আৰম্ভ হ'ল কোকৰাঝাৰ জিলাৰ আৰক্ষী কাণ্ডৰ ৷ সোমবাৰে তদন্তৰ বাবে গৌৰাংভেলী হোটেলত উপস্থিত হয় নামনি অসমৰ আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰম ৷

তদন্ত আৰম্ভ কৰিলে আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে

উল্লেখ্য যে, যোৱা 10 ছেপ্টেম্বৰত গৌৰাংভেলী হোটেলত কাজিয়াত লিপ্ত হৈছিল কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু দণ্ডাধীশ শৈলেন দাস ৷ কোনো কথাত মনোমালিন্য হোৱা বাবেই ৰাজেন সিঙে শৈলেন দাসক চোঁচৰাই পেলোৱাৰ লগতে ফালি পেলাই দণ্ডাধীশজনৰ গাৰ কাপোৰ ৷ হোটেলৰ চি চি কেমেৰাত বন্দী হোৱা এই সমগ্ৰ দৃশ্য ভাইৰেল হৈছিল চ'ছিয়েল মিডিয়াত ৷ তাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷ এই ঘটনাৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী সোণোৱালে তদন্তৰ দায়িত্ব অৰ্পন কৰে মিনাক্ষী সুন্দৰমক ৷

সোমবাৰে কোকৰাঝাৰত উপস্থিত হৈছে জিলাখনৰ আৱৰ্ত ভৱনত উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰ, আৰক্ষী অধীক্ষক ৰাজেন সিঙ, দণ্ডাধীশ শৈলেন দাস আৰু বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াৰ সৈতে মিলিত হয় আয়ুক্ত গৰাকী ৷ ইয়াৰ পাচতেই গৌৰাংভেলী হোটেলৰ ঘটনাস্থান পৰিদৰ্শন কৰে মিনাক্ষী সুন্দৰমে ৷

সাংবাদিকৰ আগত আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমে কয় যে, ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে যেতিয়া নিৰপেক্ষভাৱে ইয়াক আগবঢ়াই নিব ৷ ৰাজ্যৰ বিভিন্ন স্থানত এ চি এছ এচ'ছিয়েচনেও এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচিত তদন্তৰ দাবী জনায় ৷

Intro:#কোকৰাঝাৰৰ এচিএছ বিষয়াক প্ৰহাৰ কাণ্ডৰ ওপৰত তদন্ত আৰম্ভ।

#তদন্তৰ দায়িত্ব প্ৰাপ্তি নামনি অসমৰ আয়ুক্ত এছ এছ মিনাক্ষী সুন্দৰম গৌৰাং ভেলি হোটেলত অপষ্টিত।

ৰাইজ্য গৃহ বিভাগত জোকাৰি যোৱা কোকৰাঝাৰ চহৰৰ গৌৰাং ভেলি হোটেলত সংঘটিত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকে এচিএছ বিষয়া শৈলেন দাসক নিৰ্মম ভাবে প্ৰহাৰ কাণ্ডক তদন্ত কৰিবলৈ আজি অপষ্টিত হৈছেহি নামনি অসমৰ আয়ুক্ত এছ এছ মিনাক্ষী চুন্দুৰমে। শেহতীয়াকৈ এই কাণ্ডক তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দায়িত্ব দিয়া হৈছিল।

Body:আয়ুক্ত গৰাকীয়ে পোনে পোনে কোকৰাঝাৰ চাৰ্কুইত হাউচত অপষ্টিত হৈ কোকৰাঝাৰ জিলা উপাইক্ত পাৰ্থ প্রতিম মুজুমদাৰ, আৰক্ষী অধীক্ষক ৰাজেন সিংহ, এএছচি বিষয়া শৈলেন দাসকে ধৰি জিলাৰ উচ্চ পদস্থ বিষয়াসকলক সাক্ষাৎ কৰে লগতে গৌৰাং ভেলি বিলাসী হোটেলত যত এএছচি বিষয়াক এছপি ৰাজেন সিঙে প্ৰহাৰ কৰা ঘটনা হৈছিল তাত অপষ্টিত হৈ ঠাইখিনি পৰ্যবেক্ষণ কৰে।

কসাংবাদীকৰ প্ৰশ্নৰ উত্তৰত আয়ুক্ত এছ এছ মিনাক্ষী চুন্দুৰমে কৈ ঘটনাৰ তদন্ত দায়িত্ব দিয়া মৰ্মে কোকৰাঝাৰ উপষ্টি হৈছে, এই তদন্ত নিৰূপেক্ষ আৰু সেগৰে হব বুলি জনাই।

উল্লেখযোগ্যযে আজিৰ এই দিনটোতে ৰাইজ্যৰ এচিএছ বিষয়া সন্থাই এই ঘটনাৰ প্ৰতিবাদ কৰি কলা বেজ পৰিধান কৰে। কোকৰাঝাৰ জিলাত বিভিন্ন বিভাগত নিয়োজিত বিষয়াসকলেও কলা বেজ পৰিধান কৰি নিজৰ কাৰ্যালয়ত দেখা যায়। আৰু উক্ত ঘটনাৰ উপৰত উচিত তদন্ত হব লাগে বুলি দাবী জনায়।

Conclusion:চলিত মাহৰ যোৱা দহ তাৰিখে কোকৰাঝাৰ চাহৰৰ এই খন গৌৰাং ভেলি বিলাসী হোটেলত আয়োজন কৰা পাৰ্টিতে কোকৰাঝাৰৰ এছপি ৰাজেন সিঙে এচিএছ বিষয়া অৰ্থাৎ জিলাৰ দ্বন্দধিশ শৈলেন দাসক মাৰপিত কৰি চলাত ধৰি সূচৰাই বাহিৰত ওলাই দিয়া সমগ্ৰ চি চি টিভি দৃশ্য ভাইৰেল হৈপৰিছিল আৰু সমগ্ৰহ ৰাইজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.