ETV Bharat / state

গোষ্ঠী সংঘৰ্ষত সৰ্বস্বান্ত অৰ্ধশতাধিক পৰিয়ালঃ মৌলিক প্ৰয়োজন অবিহনেই চলাইছে জীৱন সংগ্ৰাম

author img

By

Published : Jun 1, 2019, 3:05 PM IST

গোষ্ঠী সংঘৰ্ষৰ পাচত সংস্থাপনৰ সুবিধা নোপোৱা কেইটামান আদিবাসী পৰিয়াল ৷ বিগত 23 বছৰে অস্বাহ্যকৰ পৰিৱেশত জীৱন-নিৰ্বাহ কৰিছে পৰিয়ালকেইটাই ৷ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আলু-কচু আৰু শামুক খাই জীৱন নিৰ্বাহ কৰিছে এই সমূহ আদিবাসী পৰিয়ালে ৷

গোষ্ঠী সংঘৰ্ষৰ পাচৰ এখন দুখলগা ছবি

কোকৰাঝাৰ,1 জুনঃ গোষ্ঠী সংঘৰ্ষই জৰ্জৰিত কৰা কেইটামান পৰিয়াল ৷ বড়ো আৰু আদিবাসী জনগোষ্ঠীৰ গোষ্ঠী সংঘৰ্ষৰ 23 বছৰৰ পাচতো পুনৰ সংস্থাপনৰ সুবিধা লাভ নকৰিলে বহু আদিবাসী পৰিয়ালে ৷ অস্বাহ্যকৰ পৰিৱেশতে বসবাস কৰি আহিছে এই সমূহ পৰিয়ালে ৷ খাদ্য, বস্ত্ৰ, বাসস্থান, খোৱা পানী, চিকিৎসা, পোহৰ, অনাময় আঁচনি আদি সকলো সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে পৰিয়ালকেইটাৰ আটাইবোৰ সদস্যই ৷

গোষ্ঠী সংঘৰ্ষৰ পাচৰ এখন দুখলগা ছবি

1998 চনত দ্বিতীয় বাৰলৈ বড়ো-আদিবাসীৰ মাজত হোৱা গোষ্ঠী সংঘৰ্ষত সৰ্বস্ব হেৰুৱাই ভাৰত-ভূটান সীমান্তৱৰ্তী সৰল পাৰা অঞ্চলৰ আদিবাসী পৰিয়াল সমূহে আশ্ৰয় গ্ৰহণ কৰে গোসাঁইগাঁৱৰ দামৰাপাৰাত (শ্ৰীৰামপুৰ)ত ৷ প্ৰায় 50 টা পৰিয়ালে বিগত 22-23 বছৰে জংগল সদৃশ পৰিৱেশত শিবিৰ পাতিয়ে বাস কৰিছে এই সমূহ লোকে ৷ এইক্ষেত্ৰত,কোনো ধৰণৰ কাণ-সাৰ নাই চৰকাৰী কৰ্তৃপক্ষৰ ৷ আচঁনিৰ পাচত আচঁনি প্ৰস্তুত কৰাৰ পাচতো কোনো আচঁনিয়ে ঢুকি নাপালে এই সকল লোকক ৷ এতিয়া নতুনকৈ গঠিত কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত বিহিত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচেতন মহলে ৷

Intro:Story :- বনৰ আলু, কচু, শামুক খাই জীৱন নিৰ্বাহ কৰিছে আদিবাসী পৰিয়াল : বিগত ২৩ বছৰে খবৰ নাই চৰকাৰৰ : অস্বাস্হ্যকৰ পৰিবেশত বহু পৰিয়াল :

Anchore :- বড়ো আদিবাসী জনগোষ্ঠীৰ গোষ্ঠী সংঘৰ্ষৰ ২৩ বছৰে পুনৰ সংস্থাপনৰ সুবিধা লাভ নকৰিলে বহু আদিবাসী পৰিয়াল। ফলত পৰিয়াল সমূহ আজিও এক অস্বাস্হ্যকৰ পৰিবেশত বসবাস কৰি আহিছে।সিহঁতে খাদ্য, বস্ত্ৰ, বাসস্থান, খোৱা পানী, চিকিৎসা, পোহৰ, অনাময় আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে।
S/O :- ১৯৯৮ চনত দ্বীতীয় বাৰ বড়ো আদিবাসীৰ মাজত হোৱা গোষ্টী সংঘৰ্ষত সৰ্বস্ব হেৰুৱাই ভাৰত ভূটান সীমান্তৱৰ্তী সৰল পাৰা অঞ্চলৰ আদিবাসী পৰিয়াল জীৱনৰ মায়াত গোসাঁইগাঁৱৰ দামৰাপাৰাত (শ্ৰীৰামপুৰ) আশ্ৰয় গ্ৰহণ কৰে। প্ৰায় ৫০ টা পৰিয়াল বিগত ২২ -২৩ বছৰে শিবিৰ পাতি আছে। Body: পুনৰ সংস্থাপনৰ কোনো সুবিধা লাভ নকৰাত এই সকল আদিবাসী পৰিয়াল তীব্ৰ সংকটত কটাইছে। জংঘলে ঢাকি ধৰা আৰু এক অস্বাস্হ্যকৰ পৰিবেশত গাহৰিৰ সৈতে সহবাস কৰি আহিছে। গৰু, গাহৰি গৰাল সদৃশ্য ভঙা চিঙা জুপুৰীত কতাইছে জীৱন। সিহঁতৰ বাবে চিন্তা কৰাৰ কোনো নাই। খাদ্য, বস্ত্ৰ, বাসস্থান, খোৱা পানী, পোহৰ, শৌচাগাৰ, স্কুল, অংগনাবাৰী কেন্দ্ৰ ,চিকিৎসা আদি কোন আঁচনি নাই। Conclusion: পুষ্টিকৰ অভাৱত ভুগিছে শিশু, মহিলা, বৃদ্ধ। খাদ্যৰ অভাৱত বনৰ আলু, কচু, শাক পাচলি, নদীৰ শামুক খাই জীৱন নিৰ্বাহ কৰিছে। এক বিভীষিকাৰ মাজত অতিবাহিত কৰিছে পৰিয়াল সমূহ ।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.