ETV Bharat / state

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁঁটা - Soldier of humanity award to brajen kumar brahma news

বড়ো সাহিত্যলৈ অৱদানৰ স্বীকৃতি ৷ কোকৰাঝাৰৰ বডোফা ভৱনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান এই সন্মান ৷

humanity award to brajen kumar brahma in kokrajhar
author img

By

Published : Oct 26, 2019, 9:20 PM IST

কোকৰাঝাৰ, 26 অক্টোবৰ: সাহিত্য একাডেমী বঁটা প্ৰাপ্ত,বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ 16 তম উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা আগবঢ়োৱা হৈছে । উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টে কোকৰাঝাৰস্থিত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ মুখ্য কাৰ্যালয় অৰ্থাৎ বডোফা ভৱনত আয়োজিত গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে এই বঁটা প্ৰদান কৰে ৷ এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে - বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰোম লাডুছিং ৷ লগতে উপস্থিত থাকে-এবছুৰ সভাপতি প্ৰমোদ বড়ো ৷ কোকৰাঝাৰ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ সুৰত নাৰ্জাৰীয়ে সভাপতিত্ব কৰা আৰু ইউ এন বি ট্ৰাষ্টৰ সভাপতি ডঃ ছুবুং মোছাহাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা বঁটা প্ৰদান অনুষ্ঠানটোত বঁটা গ্ৰহণ কৰে সাহিত্যিকগৰাকীৰ পত্নী কৌশল্যা ব্ৰহ্মই ৷ উল্লেখ্য যে, অসুস্থতাৰ বাবে ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম বৰ্তমান পশ্চিম বংগৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ এই বঁটাত আছে-নগদ ধন একলাখ টকা,স্মাৰক,আৰনাই,প্ৰশস্তি পত্ৰ আৰু মুগা চাদৰ।

কোকৰাঝাৰৰ বডোফা ভৱনত উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁঁটা প্ৰদান

অতিথি ৰূপে উপস্থিত থাকি বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই কয় -"সাহিত্য,ভাষা আৰু সংস্কৃতি অবিহনে কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে।" বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই বিৰামহীন সাহিত্য চৰ্চাৰে অৰিহণা যোগাই আহিছে বুলিও মন্তব্য আগবঢ়ায় বৰ্তমানৰ সভাপতিগৰাকীয়ে। এবছুৰ সভাপতি প্ৰমোদ বড়োৱে মানুহৰ বাবে কাম কৰা ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা বুলি উল্লেখ কৰে ৷

Intro:ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটা প্ৰদান।

অসুস্থতাৰ বাবে পত্নী কৌশল্য ব্ৰহ্মক প্ৰদান।।

বড়ো সাহিত্য জগতত বিৰামহীন সাহিত্য সৃষ্টিৰে অৰিহণা যোগাই অহা বিশিষ্ট সাহিত্যিক, টেগৰ সাহিত্য আৰু সাহিত্য একাডেমি বঁটা প্ৰাপ্ত আৰু বড়ো সাহিত্য সভাৰ প্রাপ্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মলৈ এই বৰ্ষৰ "16 তম উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা" আগবঢ়োৱা হৈছে।

Body:কোকৰাঝাৰস্থিত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ মুখ্য কাৰ্যালয় অৰ্থাৎ বড়োফা হাওছত আয়োজিত গম্ভীৰ্য অনুষ্ঠানৰ জুৰীয়েতে এই বঁটা প্ৰদান কৰে উপেন্দ্ৰ নাথ ট্ৰাষ্ট, মুখ্য অতিথি ৰূপে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰোম লাডুছিং, লগত এবছুৰ সভাপতি প্ৰমোদ বড়োই। কোকৰাঝাৰ মহাবিদ্যালয়ৰ প্রাপ্তন অধ্যক্ষ সুৰত নাৰ্জাৰীয়ে সভাপতিটো কৰা আৰু ইউ এন বি ট্ৰাষ্টৰ সভাপতি ডঃ ছুবুং মোছাহাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা বঁটা প্ৰদান উনুষ্ঠানৰ জৰিয়তে বৰ্তমান পশ্চিম বংগৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে সাহিত্য গৰাকীৰ পত্নী কৌশল্য ব্ৰহ্মৰ হাতত 16 তম ইউ এন বি মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা হয়। বঁটাত আছে নগদ ধন একলাখ ধন সহ মমেন্ট, আৰোনাই, প্ৰস্ততি পত্ৰ আৰু মুগা সদৰ।

Conclusion:অতিথি ৰূপে উপষ্ট থাকি বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই কৈ যে সাহিত্য, ভাষা আৰু সংস্কৃতিক অবিহনে কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে। এই সম্পূৰ্ণ প্ৰতি বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্রাপ্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মই লক্ষ্য কৰি বিৰামহীন সাহিত্য চৰ্চা কৰি অৰিহণা যোগাই আহিছে।

এবছুৰ সভাপতি প্ৰমোদ বড়োই কৈ "উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাক যি ব্যক্তিয়ে মানু মূহৰবাবে কাম কৰি আহিছে এই ব্যক্তিক প্ৰদান কৰিআহিছে।বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মই যেনেকৈ মানুহ জীয়াই থাকিবৰবাবে কামকৰি আহিছিল ঠিক তেনেকৈ সফল ভাবে এই বতাক প্ৰদান কৰি আহিছে।"

Byte 1: তৰেন বড়ো, সভাপতি বড়ো সাহিত্য সভা।
Byte 2: প্ৰমোদ বড়ো, সভাপতি এবছু।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.