ETV Bharat / state

কোকৰাঝাৰত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা - উদ্ধাৰ

কোকৰাঝাৰ জিলাৰ অণ্ঠাইবাৰী অঞ্চলত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা ৷ পথাৰত মাটি খান্দি থাকোতে উদ্ধাৰ কৰা হৈছে পৌৰাণিক যুগৰ এই ৰূপৰ মুদ্ৰাসমূহ ৷

Silver Coins Recovered
কোকৰাঝাৰত উদ্ধাৰ পৌৰাণিক যুগৰ ৰূপৰ মুদ্ৰা
author img

By

Published : Jan 12, 2021, 8:02 AM IST

কোকৰাঝাৰ,12জানুৱাৰী : কোকৰাঝাৰ জিলাৰ অণ্ঠাইবাৰী অঞ্চলত উদ্ধাৰ হৈছে বহু পৰিমাণৰ পৌৰাণিক যুগৰ মুদ্ৰা ৷ পথাৰত মাটি খান্দোতে উদ্ধাৰ হোৱা এই মুদ্ৰাসমূহ চাবলৈ এতিয়া ভিৰ কৰিছে বহু লোকে ৷ উদ্ধাৰ হোৱা মুদ্ৰাসমূহ ৰূপৰ বুলি ধাৰণা কৰা হৈছে ৷ মুদ্ৰাসমুহৰ একাংশত ছবি সহিতে ৰাণী ভিক্টোৰিয়া আৰু আন একাংশত ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগতে মুদ্ৰাৰ আনটো পিঠিত ১৮৪০ আৰু ১৮২৬ বুলি উল্লেখ আছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি জানিব পৰা মতে, অণ্ঠাইবাৰী গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া অতুল চন্দ্ৰ নাথে পথাৰত মাটি খান্দি আছিল ৷ সেই সময়তে ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন সৈনিক উত্তম নাথে পথাৰডৰাত প্ৰত্যক্ষ কৰে ৰূপৰ মুদ্ৰাসমূহ । মুদ্ৰা সমূহ উদ্ধাৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ পাচতে মুদ্ৰা সমূহ প্ৰত্যক্ষ কৰিবলৈ পথাৰত ভিৰ কৰেহি অগণন লোকে ৷ উপস্থিত লোকসকলে কোৰ, খন্তি আদি ব্যৱহাৰ কৰি পথাৰডৰাত আৰু অধিক মুদ্ৰা থকাৰ সন্দেহত পথাৰত পুনৰ মাটি খন্দা পৰিলক্ষিত হয় ৷ বৰ্তমানলৈকে প্ৰায় শতাধিক মুদ্ৰা উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷

পুৰাতত্ব বিভাগে মুদ্ৰাসমূহ পৰীক্ষা কৰিলে উদ্ধাৰ হোৱা মুদ্ৰাসমূহ কোন সময়ৰ সেয়া নিশ্চয় জানিব পৰা যাব ৷

অন্য এক খবৰৰ বাবে: এছিয়াৰ প্ৰসিদ্ধ টাৱাং মনাষ্ট্ৰীত তিৰজ্ঞা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.