ETV Bharat / state

কোকৰাঝাৰ চিটিলাত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উদ্ধোধন - বিশ্ব মহাৱীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উদ্ধোধন

কোচ ৰাজবংশী জাতীয় উৎসৱ বিচুৱা উদযাপনৰ লগত সংগতি ৰাখি নৱ নিৰ্মিত প্ৰতিমূৰ্তিটো উদ্ধোধন কৰা হয়

কোকৰাঝাৰ চিটিলাত বিশ্ব মহাৱীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উদ্ধোধন
author img

By

Published : Apr 28, 2019, 2:56 AM IST

কোকৰাঝাৰ, 28 এপ্ৰিলঃ কোকৰাঝাৰ চিটিলাত বীৰ চিলাৰায়ৰ নৱ নিৰ্মিত প্ৰতিমূৰ্তি উদ্ধোধন কৰে। প্ৰতিমূৰ্তিটো উদ্ধোধন কৰে স্থানীয় ব্যৱসায়ী সুকুমাৰ দেৱনাথে ৷ আজি কোচ ৰাজবংশী জাতীয় উৎসৱ বিচুৱা উদযাপনৰ লগত সংগতি ৰাখি নৱ নিৰ্মিত প্ৰতিমূৰ্তিটো উদ্ধোধন কৰা হয় ৷

কোকৰাঝাৰ চিটিলাত বিশ্ব মহাৱীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উদ্ধোধন

এই প্ৰতিমূৰ্তি উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ জিলা আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা সদৌ অসম বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক অকন ৰায় ৷ 'মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা সপোন আক্ৰাছুৱে দেখি আহিছিল যদিও আৰ্থিক দুৰ্বলতাৰ বাবে সপোন বাস্তৱত ৰূপায়ণ কৰিব পৰা নাছিল' এই বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে চিথিলা আঞ্চলিক আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজু বৰ্মনে ৷ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কৰা আবেদন মৰ্মে সমাজ সেৱক সুকুমাৰ দেৱনাথে আৰ্থিক অনুদান আগবঢ়াই প্ৰতিমূতিটো সাজি উলিওৱাত সহায় কৰে ৷ তেওঁৰ এই সহায়ৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

nalbari Silarai
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.