চেৰফাংগুৰি, 30 ডিচেম্বৰ: গ্ৰীণ ভেলী টুৰিজিম ডেভল'প চছাইটিৰ উদ্যোগত কোকৰাঝাৰৰ চেৰফাংগুৰিত অৱস্থিত হেল নদীৰ পাৰত তৃতীয় হেল নদী উৎসৱ আৰম্ভ হৈছে ৷ 28 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱ 4 জানুৱাৰীত সামৰণি পৰিব ৷ নৱ প্ৰজন্মক শিক্ষা, কলা-সংস্কৃতি, ক্ৰীড়া আদি সৰ্বাংগীন দিশতে গঢ় দিবলৈ আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ উদ্দেশ্যে এই উৎসৱ অনুষ্ঠিত কৰা হৈছে ৷
হেল নদীৰ পাৰত অনুষ্ঠিত এই উৎসৱ মুকলি কৰে বিটিচিৰ এম.চি.এল.এ যতীন্দ্ৰ ব্ৰহ্মই ৷ এই উৎসৱ উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে অনুষ্ঠানস্থলী ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ভলীবল, কুইজ, চিত্ৰাংকন আদি প্ৰতিযোগিতাৰ লগতে আয়োজন কৰা হৈছে সাংস্কৃতিক সন্ধিয়াৰ ৷
লগতে পঢ়ক: বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ'