কোকৰাঝাৰ, ১ ডিচেম্বৰ : হাঁহি খিলখিলনি আৰু প্ৰাপ্তিৰ আনন্দত ৰজনজনাইছে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ ৷ কিয়নো একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফল নিবলৈ কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত বহু শিক্ষাৰ্থীৰ ভিৰ ৷
উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বৃহস্পতিবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত বঁটাৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ স্কুটী বিতৰণ কৰা হয় । কোকৰাঝাৰ জিলাৰ মুঠ ৫২২ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰা হয় ।

বৃহস্পতিবাৰে কোকৰাঝাৰত স্কুটী লাভ কৰা মেধাৱী ৫২২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছাত্ৰৰ সংখ্যা ৫১ আৰু ছাত্ৰীৰ সংখ্যা ৪৭১ আছিল । এই স্কুটী বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷ এই অনুষ্ঠানত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলক উত্তোৰণৰ বাবে কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘শান্তি ঘূৰি অহাৰ পিচত ছাত্ৰ-ছাত্ৰীসকল সফলতাৰ ফালে ধাৱমান হৈছে । বিটিআৰত এতিয়া পঢ়াৰ পৰিৱেশ ঘূৰি আহিছে আৰু ছাত্ৰ -ছাত্ৰীসকল বিভিন্ন সংযুক্তমূলক পৰীক্ষা, মেডিকেল, ইঞ্জিনিয়াৰিং আদিক সফলতা লাভ কৰিছে’’ ।
তেওঁ আৰু কয়, ‘‘বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম চুপাৰ ৫০ আঁচনিৰ অধীনত ইউপিএচচিৰ বাবে ৫০ জন, এপিএচচিৰ বাবে ৫০ জন, মেডিকেলৰ বাবে ৫০ জন আৰু ইঞ্জিনিয়াৰিঙৰ বাবে ৫০ জনক বাচনি কৰি ক্ৰচিং দি থকা হৈছে’’ ৷ লগতে শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিটিআৰৰ পাঁচখন জিলাতে ক্ৰচিং চেণ্টাৰ খোলাৰ পৰিকল্পনাৰ কথা সদৰী কৰে প্ৰমোদ বড়োৱে ।
বৃহস্পতিবাৰে আয়োজিত এই অনুষ্ঠানত বিধায়ক লৰেন্স ইছলাৰী, কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰামানন্দ সিং, বিটিআৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : শিলচৰত মেধাৱী শিক্ষাৰ্থীলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী প্ৰদান