ETV Bharat / state

Murder in Kokrajhar: কোকৰাঝাৰত শিক্ষকক নৃশংসভাৱে হত্যা

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা ৷ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এজন শিক্ষকৰ মৃতদেহ (Brutal murder in Kokrajhar)৷ শিক্ষকজনক অতি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ ৷ দোষীক বিচাৰি কঠোৰ শাস্তি দিয়াৰ দাবী দল সংগঠনৰ ৷

author img

By

Published : Mar 11, 2022, 3:09 PM IST

Brutal murder in Kokrajhar
Brutal murder in Kokrajhar

কোকৰাঝাৰ 11 মাৰ্চ : শিক্ষক হত্যাক কেন্দ্ৰ কৰি কোকৰাঝাৰত তীব্ৰ চাঞ্চল্য (Murder in Kokrajhar) ৷ জিলাখনৰ কুমগুৰীৰ তিনকোণা গাঁৱৰ বাসিন্দা তথা কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক অচিনাক্ত দুস্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰে (Teacher brutally killed in Kokrajhar)। বুধবাৰৰ পৰা সন্ধানহীন হোৱা বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া মাগুৰমাৰীৰ নিকটৰ চেঁচাপানীৰ শালবাগানত উদ্ধাৰ হয় ।

হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা শিক্ষকজনৰ মৃতদেহটোৰ মূৰৰ পিছফালে আৰু গুপ্তাংগত আঘাতৰ চিন পোৱা গৈছে ৷ আঘতৰ চিনলৈ চাই হত্যাকাৰীয়ে যে অতি নৃশংসভাৱে শিক্ষকগৰাকীক হত্যা কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে । বুধবাৰে ৰাতিপুৱা বজাৰ-সমাৰ কৰি ঘৰত বজাৰৰ সা-সামগ্ৰী থোৱাৰ পিছতেই বেৰ্লাও বাৰ্থাও ব্ৰহ্ম নিৰুদ্দেশ হয় । বৃহস্পতিবাৰে বেৰ্লাও বাৰ্থাও ব্ৰহ্মই কইনা চাবলৈও যোৱাৰ কথা আছিল । শিক্ষকজনে বেংকৰ পৰাও দুইলাখ টকা উলিওৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

কোকৰাঝাৰত শিক্ষকক নৃশংসভাৱে হত্যা

বৃহস্পতিবাৰে পুৱা বিদ্যালয়ৰ পৰীক্ষা থকা হেতুকে সহকৰ্মীসকল বিদ্যালয়ত উপস্থিত হয় যদিও প্ৰধান শিক্ষক নথকাত বিপাঙত পৰে । তেওঁলোকে প্ৰধান শিক্ষকৰ দুয়োটা মোবাইল চুইটছ অফ পোৱাত ঘৰত হাজিৰ হয় । তেতিয়াহে চাৰিওফালে হুৱাদুৱা লাগে আৰু ফকিৰাগ্ৰাম থানাত শিক্ষকজন সন্ধানহীন হোৱা বুলি গোচৰ তৰে ।

Brutal murder in Kokrajhar
বেৰ্লাও বাৰ্থাও ব্ৰহ্ম

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে স্থানীয় ৰাইজেও সদলবলে সন্দেহজনক সকলো ঠাইতে বিচাৰ-খোচৰ আৰম্ভ কৰে । বিয়লি শালবাগানৰ মাজত ক্ষত-বিক্ষত অৱস্থাত বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ হয় । কোনে কি কাৰণত শিক্ষকগৰাকীক হত্যা কৰিলে সেয়া স্পষ্ট নহয় যদিও উপযুক্ত তদন্ত কৰি হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সকলো দল-সংগঠনে আৰক্ষীক দাবী জনাইছে (Kokrajhar murder news)।

হত্যাকাৰীক ধৰা পেলাবলৈ সম্ভৱপৰ সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে ৷ আৰক্ষী বিষয়াজনে কয় যে, অতি সোনকালেই হত্যাকাৰী কৰায়ত্ব কৰা হ’ব ৷ শিক্ষকজনৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.