ETV Bharat / state

Sankardev Sishu Niketan : শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱসত কোকৰাঝাৰত বৰ্ণিল শোভাযাত্ৰা

author img

By

Published : Feb 7, 2023, 8:22 PM IST

শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শক্তি আশ্ৰমত ছাত্ৰ-ছাত্ৰীৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা (establishment day of shakti ashram Sishu niketan) ৷

Kokrajhar
Kokrajhar

কোকৰাঝাৰ, ৭ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (Shakti Ashram Sankardev Sishu Niketan) ৷ সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হোৱা প্ৰতিষ্ঠা দিৱস উপলক্ষে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত বিভিন্ন খেল-ধেমালি আৰু নৃত্য-গীতৰ প্ৰতিযোগিতাৰে জীপাল হৈ পৰে শংকৰদেৱ শিশু নিকেতন বিদ্যালয় প্ৰাংগণ (Shankardev Sishu Niketan foundation day) ৷ শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে পুৱা শক্তি আশ্ৰম অঞ্চলত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত বৃক্ষৰোপণ কাৰ্যসূচী আৰু বিয়লি মুকলিসভা অনুষ্ঠিত হয় ৷ মুকলি সভা তথা প্ৰতিষ্ঠা দিৱসৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই ৷ শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁথনিকে ধৰি বিদ্যালয়খনৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হ'ব বুলি নিজৰ ভাষণত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ঘোষণা কৰে ৷ ইপিনে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাত অংশ লৈ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক আজিৰ মুকলি সভাতে বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয় (Sankardev Sisu Niketan Rising Day kokrajhar ) ৷

শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱসত সাংস্কৃতিক প্ৰতিযোগিতা

উল্লেখ্য যে শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি মানস প্ৰতিম ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলিসভা তথা সামৰণী অনুষ্ঠানত শিক্ষাবিদ ড° পৰেশ চন্দ্ৰ ৰায়, শংকৰদেৱ শিশু নিকেতন ট্ৰাষ্ট বোৰ্ডৰ সদস্য বঙ্কিম চন্দ্ৰ অধিকাৰী, শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মণ চন্দ্ৰ দাস, জ্যেষ্ঠ সাংবাদিক মনালিছা শৰ্মা আৰু বিদ্যালয়ৰ প্ৰধান আচাৰ্য মৃদুল কুমাৰ নাথ উপস্থিত থাকে ৷

কোকৰাঝাৰত শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে অসমৰ ব্যক্তিগত শিক্ষা খণ্ডত শংকৰদেৱ শিশু নিকেতনে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে । শিশু শিক্ষা সমিতি অসমৰ অধীনত প্ৰতিষ্ঠিত এই শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন সমগ্ৰ ৰাজ্যতে প্ৰতিষ্ঠা হৈছে । আধ্যাত্মিকতাৰ জৰিয়তে আধুনিক শিক্ষা প্ৰসাৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে এই শংকৰদেৱ শিশু নিকেতনে । মাতৃভাষা মাধ্যমত প্ৰতিষ্ঠিত এই বিদ্যালয়ে শৃংখলাবদ্ধ আৰু আধ্যাত্মিকতাৰ মাজত আধুনিক বিজ্ঞানসন্মত শিক্ষা প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক :Tet teacher regularisation: ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত স্থবিৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.