ETV Bharat / state

ৰ’জী আৰু চামুৱেলক হত্যা কৰা হৈছে: গাৰো ছাত্ৰ সন্থা - গাৰো ছাত্ৰ সন্থা

কিছুদিন পূৰ্বে হাৰিয়ানাৰ এখন হাস্পতালত নাগালেণ্ডৰ এগাৰকী বিমান পৰিচাৰিকা (Air Hostess)ৰ ৰহস্যজনক মৃত্যু হোৱাৰ লগতে ৰহস্যজনকভাৱে কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল তেঁওৰ সম্পৰ্কীয় ভাতৃ চামুৱেল চাংমাৰ মৃতদেহ ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি কৰিছিল সমগ্ৰ নাগালেণ্ডত ৷

rosy-and-samuel-were-killed-garo-student-union
ৰজী আৰু চামুৱেলক হত্যা কৰা হৈছে: গাৰো ছাত্ৰ সন্থা
author img

By

Published : Jul 3, 2021, 7:40 PM IST

কোকৰাঝাৰ, 3 জুলাই : হাৰিয়ানাৰ আলফা কেয়াৰ হাস্পতালৰ আইচিইউ(ICU)ত ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱা নাগালেণ্ডৰ বিমান পৰিচাৰিকা (air hostess)ৰ’জী চাংমা আৰু কল চেণ্টাৰত কাম কৰা তেঁওৰ সম্পৰ্কীয় ভাতৃ চামুৱেল চাংমাৰ ৰহস্যজনক মৃত্যুক হত্যাকাণ্ড বুলি আখ্যা দিছে গাৰো ছাত্ৰ সন্থাই (Garo student Union) ৷ শুকুৰবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত গাৰো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মিষ্টেন মাৰাক আৰু সাধাৰণ সম্পাদক ষ্টাৰ চাংমায়ে এক সংবাদমেলৰ আয়োজন কৰি উক্ত ঘটনাক হত্যাকাণ্ড বুলি আখ্যা দিয়ে ৷

ৰজী আৰু চামুৱেলক হত্যা কৰা হৈছে: গাৰো ছাত্ৰ সন্থা

আইচিইউত আইচক্ৰীম জাতীয় কিবা খুওৱাৰ বাবে মুখেৰে ফেন বাহিৰ হৈ ৰ’জী চাংমাৰ মৃত্যু হৈছিল ৷ লগতে উক্ত ঘটনাটো ভিডিঅ' কৰাৰ বাবেই চামুৱেল চাংমাকো হত্যা কৰা বুলি ছাত্ৰ নেতাদ্বয়ে অভিযোগ কৰে ৷ চামুৱেল চাংমাই আত্মহত্যা কৰা নাই কিয়নো তেঁওৰ গাত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলি মন্তব্য কৰিছে গাৰো ছাত্ৰ নেতা মিষ্টেন মাৰাক আৰু ষ্টাৰ চাংমায়ে ৷

দুস্কৃতিকাৰীয়ে চামুৱেল চাংমাক প্ৰথমে হত্যা কৰি পিছত ৰছীৰে ওলোমাই থোৱা বুলি দাবী কৰিছে গাৰো ছাত্ৰ নেতাদ্বয়ে ৷ উক্ত ঘটনাৰ সঠিক ন্যায় প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰক আহ্বান জনাইছে গাৰো ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি মিষ্টেন মাৰাক আৰু সাধাৰণ সম্পাদক ষ্টাৰ চাংমায়ে ৷

লগতে পঢ়কঃ অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.