ETV Bharat / state

কোকৰাঝাৰত ৰঙালীক আদৰাৰ পূৰ্ণ-প্ৰস্তুতি - অসমীয়া কলা-কুশলীসকল

কোকৰাঝাৰত হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে সাজু অসমীয়া কলা-কুশলীসকল

কোকৰাঝাৰত ৰঙালীক আদৰাৰ পূৰ্ণ-প্ৰস্তুতি
author img

By

Published : Apr 12, 2019, 10:35 AM IST

কোকৰাঝাৰ, ১২ এপ্ৰিল : অসমীয়াৰ বাপতি সাহোন ব’হাগ তথা ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিন । ৰঙালীক আদৰাৰ বাবে সাজু হৈ উঠিছে ৰাজ্যবাসীৰ লগতে অসমীয়া কলা-কুশলীসকল । ইয়াৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু কমিটিসমূহৰ সমান্তৰালকৈ ৰাজ্যৰ শিল্পী সকলৰ মাজতো বৃদ্ধি পাইছে তৎপৰতা ৷ ৰাজ্যৰ প্ৰতিগৰাকী শিল্পীয়ে যেন এতিয়া আখৰাত ব্যস্ত ৰঙালী বিহুৰ মঞ্চ শুৱণি কৰিবলৈ ৷ অন্য প্ৰান্তৰ দৰে ব্যতিক্ৰম নহয় কোকৰাঝাৰো ৷ কোকৰাঝাৰতো বিহুৰ বাবে নৱপ্ৰজন্মৰ শিল্পীসকলৰ মাজত দেখা পোৱা গৈছে বিশেষ ব্যস্ততা । বিহু সন্দৰ্ভত কোকৰাঝাৰৰ সাংবাদিকে আগবঢ়োৱা এক প্ৰতিবেদন চাওঁ আহক ।

Intro:অসমীয়াৰ বাপতি সাহোন বহাগ তথা ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটিমান দিন৷ আৰু কেইদিনমানৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন হ’ব অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু৷Body:আগন্তুক ৰঙালী বিহুকলৈ ইতিমধ্যে ৰাজ্যজুৰি চলিছে ৰঙালীক আঁদৰাৰ ব্যাপক প্ৰস্তুতি৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু কমিটি সমূহৰ সমান্তৰালকৈ ৰাজ্যৰ শিল্পী সকলৰ মাজতো যেন এতিয়া তৎ নাইকীয়া অৱস্থা৷ ৰাজ্যৰ প্ৰতিগৰাকী শিল্পীয়ে যেন এতিয়া আখৰাত ব্যস্ত আগন্তুক ৰঙালী বিহুৰ মঞ্চত গীত পৰিৱেশনৰ বাবে৷ ব্যতিক্ৰম নহয় কোকৰাঝাৰো৷ কোকৰাঝাৰতো এতিয়া নৱপ্ৰজন্মৰ শিল্পীসকলৰ মাজত দেখা পোৱা গৈছে আগন্তুক ৰঙালী বিহুৰ ব্যাপক তৎপৰতা৷Conclusion:এগৰাকী নৱপ্ৰজন্মৰ শিল্পী হিচাপে কোকৰাঝাৰৰ ময়নাগুৰীস্থিত জুণ্টী দেৱনাথ নামৰ শিল্পীগৰাকীৰ মত জুণ্টীয়ে এইবেলি বিহুৰ পৰম্পৰাগত মান-মৰ্যদা অক্ষুণ্ন ৰাখিহে বিহু মঞ্চত পৰিৱেশন কৰিব বিচাৰিব সংগীতানুষ্ঠান৷ জুণ্টীৰ আশা তেখেতৰ এনে সংগীতানুষ্ঠানক এইবেলি আঁদৰি ল’ব সকলোৱে৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.