ETV Bharat / state

ওদালগুৰিত চিনেমাৰ কায়দাৰে ধন লুট দুৰ্বৃত্তৰ - পংকজ দেউৰী

ৰাজপথতে অনলাইন শ্বপিঙৰ ডেলিভাৰী ব'য়ৰ পৰা ধন লুট কৰিলে অচিনাক্ত দুৰ্বৃত্তই ৷ লগতে লুটি নিলে কিছু ডেলীভাৰী সামগ্ৰী ৷

robbery-at-udalguri-like-movie
ওদালগুৰিত চিনেমাৰ কায়দাৰে ধন লুট দুৰ্বৃত্তৰ
author img

By

Published : Nov 8, 2020, 8:29 AM IST

কোকৰাঝাৰ, 8 নৱেম্বৰ: ওদালগুৰিত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ৷ চিনেমা কায়দাৰে ৰাজপথতে অনলাইন শ্বপিঙৰ ডেলিভাৰী ব'য়ৰ পৰা ধন লুট কৰিলে অচিনাক্ত দুৰ্বৃত্তই ৷ লগতে লুটি নিলে কিছু ডেলীভাৰী সামগ্ৰী ৷ এই ঘটনাক লৈ সমগ্ৰ ওদালগুৰি জিলাতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

ওদালগুৰিত চিনেমাৰ কায়দাৰে ধন লুট দুৰ্বৃত্তৰ

ঘটনাৰ তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া প্ৰায় 7 মান বজাত ওদালগুৰি ষ্টেডিয়ামৰ সমীপতে সংঘটিত হয় ঘটনা ৷ প্ৰথমে দুই দুৰ্বৃত্তই মিলি মুখত স্প্ৰে’ মাৰি সংজ্ঞাহীন কৰে এটা অনলাইন শ্বপিঙৰ এজন ডেলিভাৰী দিয়া যুৱক পংকজ দেউৰীক ৷ তাৰ পাছতে যুৱকজনৰ পৰা ধন লুটপাত কৰাৰ লগতে লুটি নিয়ে বহু পৰিমানৰ সামগ্ৰী ৷ পিছত অচেতন অৱস্থাত উদ্ধাৰ কৰি একাংশ লোকে এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে যুৱকজনক ৷ সম্প্ৰতি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে যুৱকজনক ৷ বৰ্তমান যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছে বুলি জনাইছে চিকিৎসকে ৷

লগতে পঢ়কঃ ৯ নৱেম্বৰত পূৰ্ণ হ'ব কলাক্ষেত্ৰৰ 23 বছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.